নেশ্যনেল ডেস্ক, 20 জানুৱাৰীঃ কেৰালাৰ বাম মৰ্চা চৰকাৰে এন.পি.আৰ সম্পৰ্কত কেন্দ্ৰই নিৰ্ধাৰণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে ৷ এন.পি.আৰ উন্নীতকৰণৰ কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তৰ সহযোগ নকৰে বুলি উল্লেখ কৰে ৷ তেওঁলোকে উল্লেখ কৰে যে এই প্ৰক্ৰিয়া সম্পৰ্কত জনসাধাৰণৰ শংকা আছিল ৷ আইন ব্যৱস্থাৰ সুনিশ্চিত কৰা সাংবিধানিক কৰ্তব্য বুলিও উল্লেখ কৰে ৷
কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নৰ অধ্যক্ষতাত এখন বিশেষ কেবিনেট বৈঠকৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যোগেদি ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু লোকপিয়ল আয়ুক্তক জনাই যে কেৰালা ৰাজ্যিক চৰকাৰে কেন্দ্ৰৰ এন.পি.আৰৰ সিদ্ধান্তক সহযোগ নকৰে ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰা হয় ৷ কিন্তু ৰাজ্যই লোকপিয়ল প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ৷
এল.ডি.এফ চৰকাৰ কেন্দ্ৰৰ নাগৰিকত্ব সংশোধনী আইনক লৈ যথেষ্ট তিক্ততাপূৰ্ণ স্থিতিত আছে আৰু যোৱা মাহত এন.আৰ.পি সম্পৰ্কীয় সকলো গতিবিধি ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে সোমবাৰে প্ৰকাশ কৰে যে এন.আৰ.চি, নাগৰিকত্ব সংশোধনী আইন তথা এন.পি.আৰক লৈ জনসাধাৰণক কেন্দ্ৰ চৰকাৰে আশ্বস্ত কৰিব পৰা নাই আৰু ইয়াক লৈ জনসাধাৰণ শংকিত গতিকে ইয়াক আমি গ্ৰহণ কৰিব নোৱাৰো ৷ লগতে কয় যে এন.আৰ.চিৰ ক্ষেত্ৰত অসম এক জলন্ত উদাহৰণ যিয়ে অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছে ৷
ইয়াৰোপৰি সকলো আমোলাতান্ত্ৰিক ফালৰ পৰাও এন.পি.আৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ৷ জিলা উপায়ুক্ত তথা আৰক্ষী বিভাগসমূহলৈ এই নিৰ্দেশ ইতিমধ্যেই জাৰি কৰা হৈছে ৷
আনহাতে যোৱা 29 ডিচেম্বৰত চিপিআই(এম) নেতৃত্বৰ এল.ডি.এফ চৰকাৰে বিভিন্ন ৰাজনৈতিক দল তথা জাতীয় তথা সামাজিক সংগঠনৰে হোৱা এক বৈঠকত বিভিন্ন বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল ৷ উল্লেখ্য যে বিধানসভাৰ বিশেষ বৈঠক অনুষ্ঠিত কৰি নাগৰিকত্ব সংশোধনী আইন কেৰালাত কাৰ্যকাৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ৷