নিউজ ডেস্ক, ৫ এপ্ৰিলঃ দেশৰ জটিল সন্ধিক্ষণত এগৰাকী কেৰালাৰ এগৰাকী চিকিৎসকৰ দায়িত্ববোধৰ কথাই সকলো এতিয়া শলাগ ল'বলৈ বাধ্য কৰাইছে । কেৰালাৰ কান্নোৰৰ এগৰাকী চিকিৎসকে নিজৰ বিবাহৰ দিন পিচুৱাই কোভিড-১৯ মহামাৰীৰ আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসাত নিজকে নিয়োজিত কৰি ৰাখিছে । প্ৰাৰিয়াৰাম মেডিকেল কলেজ হাস্পতালত কৰ্মত চিকিৎসকগৰাকী হৈছে ছিফা এম মহম্মদ । যোৱা ২৯ মাৰ্চত বিবাহ বান্ধোনত বান্ধ খোৱাৰ কথা আছিল চিকিৎসকগৰাকী ।
ছিফাই কয়, সঁচাকৈ মই বিবাহৰ দিন পিচুৱাই এই সিদ্ধান্ত গ্ৰহণ কৰাত দুখিত নহয় । মই ভাৱে বিবাহৰ দিন পিছলেও আহিব । কিন্তু ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ প্ৰাণ ৰৈ নাথাকে । ছিফাৰ এই সিদ্ধান্তক সন্মতি দিছে হ'বলগীয়া ডুবাইত ব্যৱসায় কৰা স্বামী আনাছ মহম্মদে ।
ছিফাৰ এই সিদ্ধান্ত পৰিয়ালৰ লোককো গৌৰাম্বিত কৰি তুলিছে । কেৰালত বিভীষিকাৰ সৃষ্টি কৰিছে কোভিড-১৯ মহামাৰীয়ে । প্ৰাৰিয়াৰাম মেডিকেল কলেজখনক কোভিড-১৯ চেন্টাৰলৈ ৰূপান্তৰ কৰা হৈছে । চৰকাৰী তথ্য অনুসৰি বৰ্তমানলৈকে কেৰালাত ৩০৬ গৰাকী লোক আক্ৰান্ত হৈছে ।