ETV Bharat / bharat

দিল্লীত চাকৰি পৰ্টেলৰ আৰম্ভ কেজৰিৱাল চৰকাৰৰ - দিল্লীত চাকৰি পোৰ্টেলৰ আৰম্ভ কেজৰিৱাল চৰকাৰৰ

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ অৰ্থব্যৱস্থা পুনৰজ্জীৱিত কৰাৰ বাবে সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আৰম্ভ কৰে এটি চাকৰি নিয়োগৰ বাবে বিশেষ পোৰ্টেল । এই পোৰ্টেলটো চাকৰিৰ ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে ৰোজগাৰ বাজাৰ ৰূপে কাম কৰিব বুলি মত প্ৰকাশ কৰে কেজৰিৱালে ।

অৰবিন্দ কেজৰিৱাল
author img

By

Published : Jul 27, 2020, 6:39 PM IST

নিউজ ডেস্ক, ২৭ জুলাইঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে দিল্লীত চাকৰিৰ বাবে আৰম্ভ কৰে এটি বিশেষ পৰ্টেল । মহামাৰী COVID-19 সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি চলা লক ডাউনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা দেশৰ ৰাজধানী দিল্লীৰ অৰ্থব্যৱস্থা পুনজ্জীৱিত কৰিবলৈ এই পৰ্টেলৰ আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে ।

আনহাতে,এই পৰ্টেলটো নিয়োগকাৰীয়ে তথা চাকৰিৰ প্ৰাৰ্থী উভয়ে ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰে কেজৰিৱালে। এই পৰ্টেলত ব্যৱসায়ী,উদ্যোগপতি আৰু জনসাধাৰণক দিল্লীৰ অৰ্থনীতি উন্নত কৰিবলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই । পৰ্টেল jobs.delhi,gov.in ত অন্তৰ্ভুক্ত হোৱা তথা চাকৰি প্ৰত্য়াশীৰ বাবে "ৰোজগাৰ বাজাৰ" কাম কৰিব । লগতে পদপথৰ ব্যৱসায়ীসকলৰ কাম আৰম্ভ কৰা সন্দৰ্ভত বিশেষ আদেশ জাৰী কৰা হৈছে বুলি জানিবলৈ দিয়ে অৰবিন্দ কেজৰিৱালে ।

লগতে চাওকঃ কৰ’ণা মহামাৰী: পুনৰ ৩৭৬ গৰাকী কাৰাবন্দীক মুক্তি দিবলৈ সাজু চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.