ETV Bharat / bharat

COVID-19 লকডাউনে বিপদ মাতিছে কাশ্মীৰৰ অৰ্থনীতিলৈ - দুৰ্বল অৰ্থনীতি আৰু বেয়াকৈ প্ৰবাৱান্বিত হৈছে

COVID-19 লকডাউনে বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে কাশ্মীৰৰ দুৰ্বল অৰ্থনীতি ৷ এই মন্তব্য চেম্বাৰ অৱ কমাৰ্ছ আৰু ইণ্ড্ৰাষ্টিৰ অধ্যক্ষ শ্বেইখ আশিকৰ ৷

COVID-19 লকডাউন
COVID-19 লকডাউনত প্ৰভাৱান্বিত কাশ্মীৰৰ দুৰ্বল অৰ্থনীতি
author img

By

Published : Apr 29, 2020, 10:07 PM IST

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : কাশ্মীৰৰ চেম্বাৰ অৱ কমাৰ্ছ আৰু ইণ্ড্ৰাষ্টিয়ে সতৰ্কবাণী প্ৰেৰণ কৰিছে যে, লকডাউনৰ ফলত অঞ্চলটোৰ পূৰ্বৰে দুৰ্বল অৰ্থনীতি আৰু বেয়াকৈ প্ৰবাৱান্বিত হৈছে ৷ উল্লেখ্য যে, কাশ্মীৰৰ অথনীতি বিশেষকৈ পৰ্যটন ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰশীল ৷ 24 মাৰ্চৰ পৰা ঘোষণা কৰা লকডাউনৰ ফলত সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হৈ পৰিছে কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰ ৷ কাশ্মীৰত পৰ্যটকসকলৰ মাজত বহু জনপ্ৰিয় ওপঙি ফুৰা ঘৰসমূহ ডাল হ্ৰদত এনেদৰেই পৰি ৰোৱা পৰিলক্ষিত হৈছে ৷ এই নাওঁবোৰৰ গৰাকীসকলে মাছ মাৰি ব্যস্ত হৈ থকা দেখা গৈছে ৷

যোৱা বছৰ ডিচেম্বৰত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি, কাশ্মীৰৰ অৰ্থনীতিত সংকট সৃষ্টি হোৱাৰ মূলতে যোগাযোগ ব্যৱস্থা, ইন্টাৰনেট বন্ধ আৰু বহু সৈনিক মোতায়েন কৰা বুলি চেম্বাৰে মন্তব্য কৰিছিল ৷

চেম্বাৰ অৱ কমাৰ্ছ আৰু ইণ্ড্ৰাষ্টিৰ অধ্যক্ষ শ্বেইখ আশিকে কয়, "ই বহু কষ্ট আৰু বিপদ আনিছে ৷ ইয়াত এতিয়া কোনো পৰ্যটন নাই ৷ আমি হাৰি গ'লো ৷ কিমান লোকে চাকৰি হেৰুৱালে তাৰ সঠিক হিচাপ মই আপোনালোকক দিব নোৱাৰিম ৷ নিয়োগকাৰী সকলো চাকৰিহীন হৈ পৰিছে ৷ সকলো জনতাই কেৱল বহি বহি সময় পাৰ কৰিছে ৷ ভাৰতৰ অন্য ৰাজ্যৰ ভাই-ভগ্নীসকলৰ তুলনাত আমাৰ পৰিস্থিতি সুকীয়া বুলি আমি বাৰে বাৰে কৈ আহিছো ৷"

"আমি কৰ'ণা ভাইৰাছৰ সময়ৰ পৰা নহয়, প্ৰায় দশক দশক জুৰি লকডাউন সহ্য কৰি অহাৰ লগতে ইয়াৰ পৰা বিভিন্ন সমস্যা ভুগিছো বুলি মই প্ৰতিটো স্তৰতে জনাইছো" - আশিকে কয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.