নিউজ ডেস্ক, 28 জুলাইঃ কৰ্ণাটকৰ ৰাজনীতিত নতুন মোৰ ৷ কৰ্ণাটকৰ কংগ্ৰেছ আৰু জেডিএছৰ ১৪ গৰাকী পদত্যাগী বিধায়কক দেওবাৰে অযোগ্য ঘোষণা কৰিছে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে ৷
ইফালে দেওবাৰে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে ১৪ গৰাকী পদত্যাগী বিধায়কক অযোগ্য ৰায় প্ৰদান কৰাৰ পিছতেই অযোগ্য বিবেচিত হোৱা মুঠ বিধায়কৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি হয়।
প্ৰকাশিত তথ্য অনুসৰি, দল সলনি কৰা আইন (Anti Defectaion Law)ৰ অধীনত 2023 চনত অন্ত পৰিবলগীয়া বিধানসভাৰ কাৰ্যকাললৈ অযোগ্য হিচাপে বিবেচিত হয় বিধায়ককেইগৰাকী ৷ ইয়াৰ ভিতৰত কংগ্ৰেছ দলৰ 11 গৰাকী আৰু জেডিএছ দলৰ 3 গৰাকী বিধায়ক আছে ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষই বৰ্খাস্ত কৰিছিল তিনিগৰাকী বিধায়কক ৷ উল্লেখ্য যে, কংগ্ৰেছ-জেডিএছৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হোৱাৰ পিছতে কৰ্ণাটকত নতুন চৰকাৰ গঠন কৰিছিল বিজেপিয়ে।