নিউজ ডেস্ক,11 আগষ্টঃ কৰ্ণাটকৰ এটা পৰিয়ালে জীৱন্ত ৰূপ দিলে মৃত মহিলাক ৷ স্বামীয়ে মৃত পত্নী সদৃশ এটা চিলকনৰ মূৰ্ত্তি বনাই স্থাপন কৰিলে তেওঁলোকৰ নতুন গৃহত ৷ মৃত মহিলা গৰাকীৰ সপোনৰ ঘৰ আছিল এইটো,কিন্তু 3 বছৰৰ পূৰ্বে এটা দুৰ্ঘটনাত পতিত হয় মৃত্যু হয় মহিলাগৰাকীৰ ৷
-
#Karnataka: Industrialist Shrinivas Gupta, celebrated house warming function of his new house in Koppal with his wife Madhavi’s silicon wax statue, who died in a car accident in July 2017.
— ANI (@ANI) August 11, 2020 " class="align-text-top noRightClick twitterSection" data="
Statue was built inside Madhavi's dream house with the help of architect Ranghannanavar pic.twitter.com/YYjwmmDUtc
">#Karnataka: Industrialist Shrinivas Gupta, celebrated house warming function of his new house in Koppal with his wife Madhavi’s silicon wax statue, who died in a car accident in July 2017.
— ANI (@ANI) August 11, 2020
Statue was built inside Madhavi's dream house with the help of architect Ranghannanavar pic.twitter.com/YYjwmmDUtc#Karnataka: Industrialist Shrinivas Gupta, celebrated house warming function of his new house in Koppal with his wife Madhavi’s silicon wax statue, who died in a car accident in July 2017.
— ANI (@ANI) August 11, 2020
Statue was built inside Madhavi's dream house with the help of architect Ranghannanavar pic.twitter.com/YYjwmmDUtc
যেতিয়া তেওঁৰ সপোনৰ ঘৰটো সম্পূৰ্ণ হয় শ্ৰী নিবাস গুপ্তা অৰ্থাৎ মহিলাগৰাকীৰ স্বামীয়ে বিচাৰিছিল ঘৰ লোৱাৰ এই বিশেষ ক্ষণত মহিলা গৰাকী তেওঁলোকৰ সৈতে থাকক ৷ সেয়ে তেওঁ পত্নীৰ উপস্থিতি একান্তই কামনা কৰি পত্নীৰ সৈতে সাইলাখ মিলাকৈ এটা চিলিকন মূৰ্ত্তি বনাই প্ৰতিষ্ঠা কৰে নিজৰ নতুন গৃহত ৷
এটা ভয়াৱহ দুৰ্ঘটনাৰ ফলত 2017 চনত মৃত্যু হৈছিল মাধৱী নামৰ এই মহিলা গৰাকীৰ ৷ দৰাচলতে দুই জীয়ৰীৰ সৈতে তিৰুপতি যাত্ৰাৰ বাবে গৈছিল মাধৱী ৷ তেওঁলোক যোৱা গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত মাধৱীৰ মৃত্যু হয় কিন্তু কথমপি দুয়োগৰাকী জীয়ৰীৰ প্ৰাণ ৰক্ষা পৰে ৷
যেতিয়া মাধৱী জীয়াই আছিল তেতিয়া তেওঁৰ এটা ঘৰ বনোৱাৰ বৰ ইচ্ছা আছিল ৷ সেয়ে শ্ৰী নিবাসে দুই বছৰৰ পূৰ্বে পত্নীৰ স্মৃতিত ঘৰটো বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ যেতিয়া পত্নীৰ সপোনৰ ঘৰটো সম্পূৰ্ণ হ'ল তেতিয়া শ্ৰী নিবাস গুপ্তাই জীৱনৰ এই বিশেষ সময়ত পত্নীক লগত ৰাখিবৰ বাবেই এনেদৰে তেওঁৰ চিলিকন মূৰ্ত্তি নতুন ঘৰটোত প্ৰতিষ্ঠা কৰে ৷
লগতে পঢ়কঃভেণ্টিলেটৰত চিকিৎসাধীন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী