নিউজ ডেস্ক, 3 আগষ্টঃ মহামাৰী কৰ'ণাত আক্ৰান্ত কৰ্ণাটক মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা ৷ 2 আগষ্ট তথা দেওবাৰে মুখ্যমন্ত্ৰী গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি লাভ কৰে বুলি টুইটাৰযোগে সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ যাৰ বাবে য়েডিয়ুৰাপ্পাক চিকিৎসালয়ত ভৰ্তি হৈ বুলি জানিবলৈ দিয়ে ৷
-
I have tested positive for coronavirus. Whilst I am fine, I am being hospitalised as a precaution on the recommendation of doctors. I request those who have come in contact with me recently to be observant and exercise self quarantine.
— B.S. Yediyurappa (@BSYBJP) August 2, 2020 " class="align-text-top noRightClick twitterSection" data="
">I have tested positive for coronavirus. Whilst I am fine, I am being hospitalised as a precaution on the recommendation of doctors. I request those who have come in contact with me recently to be observant and exercise self quarantine.
— B.S. Yediyurappa (@BSYBJP) August 2, 2020I have tested positive for coronavirus. Whilst I am fine, I am being hospitalised as a precaution on the recommendation of doctors. I request those who have come in contact with me recently to be observant and exercise self quarantine.
— B.S. Yediyurappa (@BSYBJP) August 2, 2020
মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটযোগে কয় যে,মোৰ কৰ'ণা টেষ্টৰ ৰিজাল্ট পজিটিভ আহিছে ৷ কিন্তু মই বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ যদিও চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত মই চিকিৎসালয়ত ভৰ্তি হৈছো ৷ আনহাতে,কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই বিগত কিছুদিন ধৰি তেখেতৰ সংস্পৰ্শত অহা লোকসকলক কোৱাৰেণ্টাইন থাকিবলৈ আহ্বান জনাই ৷
উল্লেখ্য যে,2 আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত কৰ'ণাত আক্ৰান্ত হোৱাৰ উপৰিও এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণ ৷
লগতে পঢ়কঃ ইন্টাৰনেশ্বনেল স্পেছ ষ্টেচনৰ পৰা উভটিল স্পেছ এক্সৰ ড্ৰেগন ক্ৰিউ