নিউজ ডেস্ক, ৮ অক্টোবৰ: এটি অসুস্থ শিশুক মাত্ৰ তিনি ঘণ্টাত শিবামোগ্গা পৰা মাংগালুৰুলৈ লৈ যোৱা হয়, ইয়াৰ বাবে আৰক্ষীয়ে এম্বুলেঞ্চৰ বাবে এটা সেউজীয়া কৰিডৰ প্ৰদান কৰিছিল ।
প্ৰাপ্ত তথ্য মতে, শিবামোগ্গাৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা দুমহীয়া এটি শিশুক মাংগালুৰুৰ এখন চিকিৎসালয়লৈ তৎকালীন ভাৱে স্থানান্তৰ কৰিব লগা হয় ।
এম্বুলেঞ্চ চালকজনৰ অনুৰোধত আৰক্ষীয়ে এম্বুলেঞ্চখনৰ সম্পূৰ্ণ যাত্ৰা পথক ট্ৰাফিক মুক্ত নিশ্চিত কৰিবলৈ সন্মত হয় । ৰাজপথত কোনো যাত্ৰী নথকাত এম্বুলেঞ্চখনেৰে মাত্ৰ তিনি ঘণ্টাত প্ৰায় ২৫০ কিলোমিটাৰ দূৰৈৰ মাংগালুৰুলৈ সুৰক্ষিতভাৱে শিশুটিক লৈ যায় ।
লগতে পঢ়ক: দেশৰ 24 খন বিশ্ববিদ্যালয়ক ভুৱা ঘোষণা বিশ্ববিদ্যালয় অনুদান আয়োগৰ