এণ্টাৰটেইনমেণ্ট ডেস্ক,১৯আগষ্টঃ 'অৰ্ধ শিক্ষিত তাৰকা' কটাক্ষ কৰাৰ পিছত এইবাৰ প্ৰবীন অভিনেতা নাছিৰুদ্দিন শ্বাহক উভতি ধৰিলে অভিনেত্ৰী কংগনা ৰাণাৱতে। শেহতীয়াকৈ নাছিৰুদ্দিন শ্বাহে অভিনেতা সুশান্ত সিঙৰ মৃত্যু আৰু বলীউডত চলি থকা স্বজনপ্ৰীতিৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল । সুশান্ত সিঙৰ মৃত্যুৰ বাতৰিৰ প্ৰচাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ ভূমিকা আৰু বলীউডত ছবি মাফিয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰাৰ লগতে হাঁহিৰ চলেৰে অভিনেত্ৰী কংগনাক 'অৰ্ধ শিক্ষিত তাৰকা' কটাক্ষ কৰিছিল।
তেওঁ কয় যে, সুশান্তৰ ন্যায় সন্দৰ্ভত 'অৰ্ধ শিক্ষিত তাৰকা'ৰ মতামতৰ কোনো মানুহেই গুৰুত্ব নিদিয়ে। সকলোকে আৰক্ষীৰ ওপৰত আস্থা ৰাখিবলৈও আহ্বান জনায় প্ৰবীন অভিনেতাগৰাকীয়ে। বিগত কিছুদিন ধৰি কংগনা ৰাণাৱতে সুশান্ত সিঙৰ মৃত্যুৰ কাৰণ বলীউড জগতৰ স্বজনপ্ৰীতি বুলি দাবী কৰি নিজৰ মতামত আগবঢ়ায় আহিছে ।
নাছিৰুদ্দিন শ্বাহে 'অৰ্ধ শিক্ষিত তাৰকা' কটাক্ষ কৰাৰ পিচতে এতিয়া মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে । তেওঁ নাছিৰুদ্দিন শ্বাহক টুইটযোগে ধন্যবাদ জ্ঞাপন কৰি কয় যে, বলীউডত কংগনাই নিজৰ স্থান নিজেই স্থিৰ কৰিছে। অভিনেতা অনিল কাপুৰৰ কন্যা হিচাপে ছোনম কাপুৰে ছবি লাভৰ ক্ষেত্ৰত প্ৰাধান্য পোৱা কথাও আওপকীয়াকৈ উনুকিয়াই দিয়ে কংগনাই । লগতে কংগনাই স্বজনপ্ৰীতিৰ ক্ষেত্ৰত নিজকে অভ্যস্ত বুলিও মন্তব্য কৰিছে।