নেশ্যনেল ডেস্ক, ১২ জুন: পশ্চিমবংগৰ কলকাতাত সন্দেহযুক্ত কোভিড-১৯ত মৃত্যু হোৱা ৰোগীৰ মৃতদেহক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । বৃহস্পতিবাৰে চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ' মতে,মৃত ৰোগীজনৰ শৱদেহটো নাগৰিক কৰ্মীৰ দ্বাৰা এখন গাড়ীত অন্তিম সৎকাৰৰ বাবে লৈ যোৱা হৈছিল । চহৰখনৰ দক্ষিণ প্ৰান্তৰ লোকসকলে মৃতদেহটো কৰ'ণাত আক্ৰান্ত কোনো লোকৰ বুলি জনোৱাৰ পিছতে গৰিয়াৰ স্থানীয় লোকসকলে ইয়াকে লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
![সন্দেহযুক্ত কোভিড-১৯ত মৃত্যু হোৱা ৰোগীৰ মৃতদেহক লৈ স্পষ্টীকৰণ কলকাতা আৰক্ষীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12:20_768-512-7578706-thumbnail-3x2-viral_1206newsroom_1591926536_175.jpg)
পশ্চিমবংগ স্বাস্থ্য বিভাগ আৰু কলকাতা আৰক্ষীৰ স্পষ্টীকৰণ অনুসৰি,মৃতদেহটো কোভিড-১৯ত আক্ৰান্ত ব্যক্তিৰ নহয় । মৃতদেহটো চহৰৰ হাস্পতাল এখনৰ এটা ঘৰতহে পৰি আছিল । অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি কলকাতা আৰক্ষীয়ে টুইটযোগে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: চতিয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিটাকৈ পানী যোগান আঁচনি