ETV Bharat / bharat

অবধ আসাম এক্সপ্ৰেছত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 6 শিশু

author img

By

Published : Sep 15, 2020, 9:14 PM IST

নোবেল জয়ী কৈলাশ সত্যাৰ্থীৰ সংস্থা 'বচপন বচাও আন্দোলন' এ অবধ-আসাম এক্সপ্ৰেছৰ পৰা 6 শিশুক উদ্ধাৰ কৰে ৷ এই শিশুসকলক সংস্থাই গাজিয়াবাদৰ ৰেলৱে' আৰক্ষীৰ হাতত অৰ্পন কৰে ৷

অবধ আসাম এক্সপ্ৰেছ
মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 6 শিশু

নেশ্যনেল ডেস্ক, 15 ছেপ্তেম্বৰ : 'বচপন বচাও আন্দোলন'ৰ উদ্ধাৰকাৰী দলৰ মুৰব্বী অৰশদ মেহন্দীয়ে কয় যে, সমগ্ৰ দেশতে সংঘটিত মানৱ সৰবৰাহৰ ঘটনা সংস্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ে লাভ কৰে ৷ ইয়াৰ আধাৰতে বিভিন্ন দলৰ জৰিয়তে এই লোকসকলৰ উদ্ধাৰ অভিযান চলোৱা হয় ৷ অবধ আসামৰ পৰা প্ৰায় 10 ৰ পৰা 12 জন শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰিবৰ বাবে দিল্লীলৈ লৈ যোৱা হয় ৷

মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 6 শিশু

বচপন বচাও আন্দোলন দলৰ লোকে ট্ৰেইনখনত অভিযান চলাই 6 টি শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই শিশুসকলৰ বয়স 9-14 বছৰৰ ভিতৰত ৷ বিহাৰ আৰু পশ্চিমবংগৰ পৰা এই শিশুসকলক দিল্লীলৈ নিয়া হৈছিল ৷ উদ্ধাৰৰ পাচতে শিশুসকলক গাজিয়াবাদৰ ৰেলৱে' আৰক্ষীৰ হাতত অৰ্পন কৰা হয় ৷

অবধ আসাম এক্সপ্ৰেছ
মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 6 শিশু

প্ৰায় 5 জন মানৱ সৰবৰাহকাৰীয়ে এই শিশুকেইটিক দিল্লীলৈ লৈ গৈছিল ৷ গাজিয়াবাদৰ ৰেলৱে' আৰক্ষী থানাৰ অধ্যক্ষ অশোক কুমাৰে কয় যে, অবধ আসাম এক্সপ্ৰেছ ট্ৰেইনেৰে শ্ৰমিক হিচাপে নিয়োজিত কৰিবৰ বাবে নিয়া 6 শিশুক উদ্ধাৰ কৰা হৈছিল ৷ এই শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাচত শিশু কল্যাণ কমিটিৰ ওচৰলৈ প্ৰেৰণ কৰা হ'ব ৷ এই শিশুসকলক কিয় দিল্লীলৈ লৈ যোৱা হৈছিল সেই সম্পৰ্কত তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-১৯ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.