নতুন দিল্লী, 20 মাৰ্চঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষক দেশৰ প্ৰথমগৰাকী লোকপাল হিচাপে নিযুক্তি ৷ মঙলবাৰে নিশা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পিনাকী চন্দ্ৰৰ নিযুক্তি পত্ৰত স্বাক্ষৰ কৰে ৷ লোকপালৰ লগতে লোকপালৰ সদস্যসমূহকো নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ লোকপাল আৰু লোক আয়ুক্ত আইনৰ অধীনত নিযুক্ত দিয়া হৈছে লোকপাল পিনাকী চন্দ্ৰ ঘোষক ৷
ৰাষ্ট্ৰপতিগৰাকীয়ে নিযুক্তি দিয়া সদস্য সকলৰ ভিতৰত আছে চাৰিজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ক্ৰমে দিলীপ বি ভোসলে, পি কে মোহান্তি, অভিলাষা কুমাৰী আৰু এ কে ত্ৰিপাঠী ৷ আনহাতে, ৰাষ্ট্ৰপতি কোবিন্দে নিযুক্তি দিয়া বাকী সদস্য কেইগৰাকী হৈছে প্ৰাক্তন আমলা ক্ৰমে দিনেশ কুমাৰ জৈন, অৰ্চনা ৰামসুন্দৰম, মহেন্দৰ সিং আৰু আই পি গৌতম ৷
উল্লেখ্য যে, দূৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে 2013 বৰ্ষত লোকপাল আইন প্ৰণয়ন কৰা হৈছিল ৷