ETV Bharat / bharat

শান্তি ঘূৰি অহাৰ প্ৰাকমুহূৰ্তত কেবৰ বাবে অশান্ত হ'ব উত্তৰ-পূৱ ভাৰত - latest article on CAB

নাগৰিকত্ব সংশোধনী বিলে পুনৰ অশান্ত কৰিব উত্তৰ-পূৱ ভাৰত ৷ বিদ্ৰোহী সংগঠনৰ বিদ্ৰোহৰ পৰা লাহে লাহে মুক্ত হোৱাৰ আশা কৰা হৈছিল যদিও কেবে উত্তৰ-পূৱৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব সংকটলৈ ঠেলি দিছে ৷ ইয়াৰ ফলত পুনৰ অশান্ত হ'ব উত্তৰ-পূৰ্বাঞ্চল ৷

নাগৰিকত্ব সংশোধনী বিল
author img

By

Published : Nov 18, 2019, 11:46 PM IST

সোমবাৰে আৰম্ভ হোৱা সংসদৰ অধিৱেশনত শাসকীয় এনডিএ চৰকাৰে উত্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ শান্তি বৰ্তী থকা উত্তৰ-পূবক পুনৰ অশান্ত কৰি তুলিব পাৰে এইখন বিধেয়কে ৷ ইতিমধ্যে বহুকেইটা ছাত্ৰ সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ আৰম্ভ কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷

এটা সময়ত নাগালেণ্ড, মণিপুৰ, অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ অধিকাংশ বিদ্ৰোহী সংগঠনেই চৰকাৰৰ সৈতে শান্তি আলোচনাত বহিবলৈ মান্তি হোৱাৰ বাবেই সমগ্ৰ উত্তৰ-পূবতেই শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে ৷

পুনৰ অশান্ত হ'ব উত্তৰ-পূৱ ভাৰত
নাগৰিকত্ব সংশোধনী বিল

চৰকাৰৰ "Act East" নীতিৰ দ্বাৰা পূৰ্বোত্তৰৰ ভূ-ভাগৰ সৈতে ঐতিহাসিক আৰু সাংস্কৃতিক সম্বন্ধৰ জৰিয়তে বাণিজ্যৰ দ্বাৰা লোকসকলৰ আৰ্থিক বিকাশৰ বাবে ইচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল ৷

"কেব ইয়াৰ বিৰোধী হোৱাৰ লগতে ভাৰতীয় সংবিধানৰ আত্মমূলৰো বিৰোধী ৷ কাৰণ ই নীতিবহিৰ্ভূতভাৱে ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষ নীতিক প্ৰতিফলিত কৰিব পৰা নাই ৷ 34 বছৰ আগতে স্বাক্ষৰিত অসম চুক্তি যিখন আজিলৈ কাৰ্যকৰী হৈ নুঠিল তাৰো ই বিৰোধী ৷" এইদৰে উল্লেখ কৰে অসমৰ অন্যতম সামাজিক-ৰাজনৈতিক বিশ্লেষক ময়ূৰ বৰাই ৷ "ঠিক আছে ৷ আপোনালোকে কেব আনিব বিছাৰিছে, কৰক, কিন্তু ইয়াত উত্তৰ-পূৱ যাৰ এক বহুল জনগাঁথনিক বৈশিষ্ট আছে, বিশেষ নীতি সন্নিৱিষ্ট কৰক ৷ উত্তৰ-পূৱক কেব জাপি দিব বিচৰাটোৱে অশান্তিৰ কাৰণ হোৱাৰ যুক্তি আছে ৷" বহুকেইখন গ্ৰন্থৰ লেখকগৰাকীয়ে এইদৰে উল্লেখ কৰে ৷

অশান্ত হ'ব উত্তৰ-পূৱ ভাৰত
কেবৰ বিৰোধিতা সাধাৰণ ৰাইজৰ

1955 চনৰ নাগৰিকত্ব আইন সংশোধন কৰিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল ৷ অতীতত 1986, 1992, 2003, 2005 আৰু 2015 চনত ইয়াক সংশোধন কৰা হৈছিল ৷ শেহতীয়া বিধেয়কখনে তিনিখনকৈ দেশ (আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তান)ৰ ছটাকৈ বিশেষ ধৰ্ম (হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছী আৰু খ্ৰীষ্টান)ৰ লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ বিছাৰিছে ৷

কেবক অসমৰ খিলঞ্জীয়া ব্যক্তিসকলে বিৰোধিতা কৰাৰ কাৰণ হৈছে খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ ওপৰত ই প্ৰশ্ন উত্থাপন কৰিছে ৷

"বিদ্ৰোহৰ বাবে সততে পৰিচিত উত্তৰ-পূৱ অঞ্চল লাহে লাহে হিংসামুক্ত হোৱাৰ পথত আহিছিলহে ৷ কিন্তু সাধাৰণ লোকৰ অনুভূতিক আঘাত কৰি চৰকাৰে তেওঁলোকৰ ওপৰত কেব জাপি দিয়াৰ চেষ্টা কৰি আহিছে ৷ ই সমস্যাৰ বৃদ্ধিহে কৰিব ৷" ইম্ফলৰ এজন অধিবক্তা বিশ্বজিত ছাপামে এই মন্তব্য আগবঢ়ায় ৷

"সেয়েহে জনসাধাৰণৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে চৰকাৰে অতি সোনকালে বহু সাংবিধানিক পৰিৱৰ্তন অনা উচিত ৷" তেওঁ কয় ৷

  • Assam: All Assam Students Union (AASU) and 28 other organisations called for a mass 'satyagraha' movement opposing Citizenship Amendment Bill, 2016 in Guwahati's Latasil playground. pic.twitter.com/wEze3LfWHD

    — ANI (@ANI) June 29, 2018 " class="align-text-top noRightClick twitterSection" data=" ">

সাঁতখন ৰাজ্যৰে গঠিত উত্তৰ-পূৱ এক ব্যতিক্ৰমী সংস্থা ৷ নৃগোষ্ঠীয়, সাংস্কৃতিক, আচৰণ সম্পৰ্কীয়, বিশ্বাস আৰু নীতিগত আদি বিভিন্ন দিশে উত্তৰ-পূৱক মূলভূমিৰ লোকসকলৰ পৰা পৃথক কৰি ৰাখে ৷

এক ব্যতিক্ৰমী ইতিহাসৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল গঢ় লৈ উঠিছে ৷ নগা লোকসকলৰ মুক্ত জীৱন ধাৰণ পদ্ধতিয়ে হওঁক বা অসমীয়া আৰু মনিপুৰী লোকসকলৰ শক্তিশালী আৰু স্বাধীন সাম্ৰাজ্যই হওঁক এইবোৰে মূলভূমিৰ পৰা উত্তৰ-পূৰ্বাঞ্চলক ব্যতিক্ৰমী কৰি আহিছে ৷

মূলভূমিৰ সৈতে কেৱল 22 কি.মি. দীঘল এটা পথৰ জৰিয়তে উত্তৰ-পূৱ ভাৰত সংযুক্ত হৈছে ৷ অঞ্চলটোৰ অন্য সীমান্তসমূহ ভূটান, চীন, ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে সংযুক্ত হৈ আছে ৷

ব্ৰিটিছ শাসনৰ ফলতে এই অঞ্চলটোলৈ আধুনিক জীৱন-ধাৰণ প্ৰণালী, শিক্ষা আৰু পশ্চিমীয়া পৰম্পৰা আহিলেও খিলঞ্জীয়া লোকসকলৰ মাজত সংঘৰ্ষৰ মনোবৃত্তিও শিপাই থৈ গ'ল ৷ সেয়েহে পৃথক পৰিচয়ৰ বাবে হিংসাত্মক আন্দোলনৰো সূচনা হ'ল ৷ ইয়াৰ ফলতে অসম, মনিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত বিদ্ৰোহৰ সূচনা হয় ৷ ইয়াৰ ভিতৰত নগা বিদ্ৰোহ বিশ্বৰ দ্বিতীয় বৃহত্তম চলিত বিদ্ৰোহ হিচাপে পৰিগণিত হৈছে ৷

"কেবৰ অন্তৰালত থকা উচতনি সন্দেহযুক্ত হোৱাৰ লগতে উত্তৰ-পূৱৰ লোকসকলৰ অনুভূতিক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ'ল ৷" নাগালেণ্ডৰ বিশিষ্ট লেখক তথা নৃগোষ্ঠীতত্ববিদ তেমছুলা আওয়ে এনেদৰে মন্তব্য কৰে ৷ "বহু সময়ৰ পাছত উত্তৰ-পূৰ্বাঞ্চলত কিছু শান্তি পৰিলক্ষিত হৈছিল যদিও কেবে পুনৰ অশান্তি বিয়পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে " - তেওঁ কয় ৷

সঞ্জীৱ কুমাৰ বৰুৱা, নতুন দিল্লী

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.