নেশ্বনেল ডেস্ক, 20 জানুৱাৰীঃ সোমবাৰে জগত প্ৰকাশ নাড্ডাক ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ৷ বিনা প্ৰতিদ্বন্দিতাত নিৰ্বাচিত হয় নেতাগৰাকী ৷ এই ঘোষণাৰ সময়ত অমিত শ্বাহ, ৰাজনাথ সিঙ আৰু নীতিন গাডকাৰীকে ধৰি বিজেপি দলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
বিজেপিৰ মূখ্য় কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বৰ্ধনা জনাব জগত প্ৰকাশ নাড্ডাক ৷ হিমাচল প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী নাড্ডাৰ সাংগঠনিক অভিজ্ঞতা থকাৰ লগতে 2019 বৰ্ষৰ জুন মাহত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পিচত শাসকীয় দলটোৰ কাৰ্যকৰী সভাপতি আছিল ৷