নিউজ ডেস্ক, 2 এপ্ৰিলঃ সমগ্ৰ দেশত কৰ‘ণা সন্ত্ৰাস অব্যাহত থকাৰ লগতে লকডাউনৰ মাজতে নতুন দিল্লীস্থিত দেশৰ প্ৰখ্যাত উচ্চ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হয় এক আজৱ ঘটনা ৷ বিশ্ববিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থীক বাহিৰলৈ ওলোৱাত বাধা প্ৰদান কৰাৰ বাবেই এগৰাকী সুৰক্ষাকৰ্মীৰ সৈতে কাজিয়াত লিপ্ত হৈ পৰে শিক্ষাৰ্থীগৰাকী ৷ ইতিমধ্যে সমগ্ৰ ঘটনাটৰ এক ভিডিঅ‘ ভাইৰেল হৈ পৰিছে ৷ হোষ্টেলৰ পৰা বাহিৰ ওলাব নিদিয়াৰ বাবেই এইদৰে এগৰাকী সুৰক্ষাকৰ্মীৰ সৈতে কাজিয়াত লিপ্ত হয় তথাকথিত উচ্চশিক্ষিত এগৰাকী শিক্ষাৰ্থী ৷
শিক্ষাৰ্থীগৰাকীয়ে নিজৰ লগত লিখিত প্ৰমাণ থকা বুলি কোৱাৰ লগতে সুৰক্ষাকৰ্মীগৰাকীয়ে হোষ্টেলৰ ৱাৰ্ডেনৰ স্বাক্ষৰ নথকা প্ৰমাণপত্ৰখন মানি ল‘বলৈ অস্বীকাৰ কৰে ৷ যিটো সময়ত সমগ্ৰ দেশতে লকডাউন চলি আছে তেনে সময়তে এগৰাকী দায়িত্বশীল সুৰক্ষাকৰ্মীৰ সৈতে এইদৰে কাজিয়াত লিপ্ত হৈ পৰাটোৱে শিক্ষাৰ্থীগৰাকীৰ জ্ঞানৰ নমুনাকে প্ৰমান কৰিছে ৷ আনহাতে এই ঘটনাৰ পিচতে শিক্ষাৰ্থীগৰাকীয়ে মিছা অভিযোগ উত্থাপন কৰি তেওঁক বেয়াকৈ মাৰপিট কৰা হৈছে বুলিও ছচিয়েল মিডিয়াত প্ৰকাশ কৰে ৷