নিউজ ডেস্ক, 22 আগষ্ট : ঝাৰখণ্ডৰ স্বাস্থ্যমন্ত্ৰী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শিবুু চোৰেণৰ দেহতো ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । 21 আগষ্টত 76 বছৰীয়া শিবুু চোৰেণ আৰু তেওঁৰ পত্নী ৰূপী চোৰেণৰ কোভিড পৰীক্ষা কৰা হৈছিল । ফলাফল পজিটিভ হোৱাত দুয়োকে বৰ্তমান আইশ্ব'লেছনত ৰখা হৈছে ।
বিগত কেইবাদিনো ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ ঘৰত কৰ্মৰত 17গৰাকী কৰ্মচাৰী কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ লগতে পিতৃ-মাতৃৰো কোভিড পৰীক্ষা কৰোৱা হৈছিল ।
উল্লেখ্য যে, ঝাৰখণ্ডৰ স্বাস্থ্যমন্ত্ৰী বান্না গুপ্তাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে নিজকে আইশ্ব'লেছনত ৰাখিছে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে । মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলৰ সৈতে কেবিনেটৰ বৈঠকত অংশ লোৱাৰ পিছতে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ কোভিড পৰীক্ষাৰ ফলাফল পজিটিভ হৈছিল । সেয়ে বৈঠকত অংশগ্ৰহণ কৰা মন্ত্ৰীসকল বৰ্তমান আইশ্ব'লেছনত আছে ।
পশ্চিম জামছেদপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা বান্না গুপ্তা হেমন্ত চোৰেণৰ কেবিনেটৰ দ্বিতীয়জন কোভিড-19ত আক্ৰান্ত মন্ত্ৰী । ইয়াৰ পূৰ্বে জুলাই মাহত জলসম্পদ মন্ত্ৰী মিথিলেশ ঠাকুৰৰ দেহতো ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি । শেহতীয়াকৈ কৰা কোভিড পৰীক্ষাত মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ ফলাফল নিগেটিভ আহিছে যদিও অহা 24 আগষ্টত পুনৰ কোভিড পৰীক্ষা কৰোৱা হ'ব ৷
লগতে পঢ়কঃ প্ৰথমে আগিয়া ছোফিয়া, এইবাৰ গীৰ্জাঘৰ; বিশ্ব সংস্কৃতিৰ প্ৰতি ভাবুকি তুৰ্কীৰ ৰাষ্ট্ৰপতি