নিউজ ডেস্ক, 19 নবেম্বৰ : জম্মু-কাশ্মীৰৰ জম্মু জিলাত বৃহস্পতিবাৰে ৰাতিপুৱাৰ ভাগতে সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ ৷ জিলাখনৰ নাগৰোতাস্থিত বান টোল প্লাজাত নিয়মীয়া তালাচীৰ সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয় ৷
জানিব পৰা মতে, তালাচীৰ সময়তে শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথেৰে এখন বাহনত অহা অচিনাক্ত সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীলৈ বুলি গুলিচালনা কৰে ৷ প্ৰত্যুত্তৰত সেই স্থানত মোতায়েন হৈ থকা সেনাৰ দলেও বাহনখনলৈ বুলি গুলিচালনা কৰে ৷
ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা এই ঘটনাত এতিয়ালৈকে 4জন সন্ত্ৰাসবাদী নিহত হয় ৷ ইতিমধ্যে সেনাই সমগ্ৰ অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলাই আছে ৷ সংঘৰ্ষৰ পিচতেই নাগৰোতা আৰু উধমপুৰৰ মাজত যাতায়ত ব্যাহত হৈ পৰিছে ৷
চলিত বৰ্ষৰ 31 জানুৱাৰীতো একেটা স্থানতে সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল সন্ত্ৰাসবাদীৰ এটা দল ৷ এই সংঘৰ্ষত তিনিটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এগৰাকী আৰক্ষীৰ লোক আহত হৈছিল ৷
লগতে পঢ়ক : প্ৰাক্তন আৰক্ষী অধীক্ষকৰ পুত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত নামচাই