ETV Bharat / bharat

২৮০ ডি ডি চি আসনৰ ভোটগণনা আৰম্ভ - মুঠ ৫৭ লাখ ভোটাৰ ৰাইজৰ ৫১ শতাংশ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।

জন্মু-কাশ্মীৰৰ জিলা বিকাশ পৰিষদৰ আঠটা পৰ্যায়ত হোৱা ২৮০ খন জিলাৰ ২,২০০ গৰাকী প্ৰাৰ্থীৰ ভোটগণনা আৰম্ভ । ২০১৯ চনৰ আগষ্টত জন্মু-কাশ্মীৰৰ অনুচ্ছেদ-৩৭০ আৰু ৩৫ এ প্ৰত্যাহাৰ কৰাৰ পাচত এয়া প্ৰথমটো নিৰ্বাচন । মুঠ ৫৭ লাখ ভোটাৰ ৰাইজৰ ৫১ শতাংশ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।

মুঠ ৫৭ লাখ ভোটাৰ ৰাইজৰ ৫১ শতাংশ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।
280 DDC seats to begin today
author img

By

Published : Dec 22, 2020, 12:19 PM IST

নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ: মংগলবাৰে পুৱা ৯ বজাৰ পৰা জন্মু-কাশ্মীৰৰ ভোটগণনা আৰম্ভ হৈছে । জন্মু-কাশ্মীৰৰ জিলা বিকাশ পৰিষদৰ আঠটা পৰ্যায়ত হোৱা ২৮০ খন জিলাৰ ২,২০০ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য পৰীক্ষা নিৰ্ণয় হ'ব । ৰাজ্য নিৰ্বাচন আয়ুক্ত কে কে শৰ্মাই জনোৱামতে বৰ্তমানলৈ ভোটগণনাৰ সকলো কাম শান্তিপূৰ্ণভাৱে সুচাৰূৰুপে চলি আছে লগতে কভিড প্ৰটকলৰ নিয়ম মানি চলি ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । আয়োগৰ ৱেবচাইটযোগে ভোটগণনাৰ ফলাল লাভ কৰিব ।

যোৱা ২৮ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল । ১৯ ডিচেম্বৰত অন্তিম তথা শেষৰটো পৰ্যায়ৰ ভোটদানৰ সামৰণি পৰিছিল । মুঠ ৫৭ লাখ ভোটাৰ ৰাইজৰ ৫১ শতাংশ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে । কেন্দ্ৰ শাসিত প্ৰদেশত মুঠ আঠটা পৰ্যায়ত হোৱা নিৰ্বাচনত ৪৫০ তকৈো অধিক মহিলা প্ৰাৰ্থীৰ সৈতে প্ৰায় ২১৭৮ প্ৰাৰ্থীয়ে নিৰ্বাচনী ৰণত নামিছে ।

উল্লেখ কৰিবলগীয়া যে ২০১৯ চনৰ আগষ্টত জন্মু-কাশ্মীৰৰ অনুচ্ছেদ-৩৭০ আৰু ৩৫ এ প্ৰত্যাহাৰ কৰাৰ পাচত এয়া প্ৰথমটো নিৰ্বাচন । নেশ্যনেল কনফাৰেন্স আৰু পিপলচ ডেমক্ৰেটিক দলৰ লগতে সাত কাশ্মীৰ কেন্দ্ৰীয় মুখ্য বিষয়কৰ ৰাজনৈতিক দলে অনুচ্ছেদ-৩৭০ পুন:স্থাপন কৰিবলৈ পিপলচ এলায়েন্সৰ বেনাৰ তচনচ কৰি মিত্ৰতা স্থাপন কৰি নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়ায় । এই দলৰ সৈতে আৰম্ভণিতে কংগ্ৰেছ পি এ জি ডি দলৰ সৈতে মিত্ৰদল হিচাপে আছিল । কিন্তু পৰৱৰ্তী সময়ত দুয়ো দলে মিত্ৰতা ভংগ কৰে কিয়নো বিজেপিয়ে 'গুপকৰ গেং' ৰ লীগত বিৰোধী দলক লক্ষ্য কৰি লয় ।

মংগলবাৰে হোৱা ভোটগণনাত পি এ জি ডিয়ে অগ্ৰগতি লাভ কৰি আছে । ইফালে বিজেপিয়েও দ্বিতীয় স্থানত আগবাঢ়ি আছে ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশত গৰুৰ দুৰাৱস্থাক লৈ চিন্তা ব্যক্ত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.