ETV Bharat / bharat

কোভিড-১৯ ৰোগীৰ বাবে বাতিল ডায়েলাইছিচ - কোভিড-১৯ পজিটিভ

মুম্বাইৰ জেজে হাস্পতালে কোভিড-১৯ ৰোগীৰ বাবে বাতিল কৰিছে ইয়াৰ ডায়েলাইছিচ কক্ষ । বিভাগটোৰ এগৰাকী ৰোগী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিচতে এইদৰে সকলো অস্ত্ৰোপচাৰ বন্ধ কৰি দিয়া হয় বিভাগটোত ।

কোভিড-১৯ ৰোগীৰ বাবে বাতিল ডায়েলাছিচ
কোভিড-১৯ ৰোগীৰ বাবে বাতিল ডায়েলাছিচ
author img

By

Published : Apr 28, 2020, 3:30 PM IST

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ মুম্বাইৰ ৰাজ্যিক জেজে হাস্পতালৰ এগৰাকী ৰোগী কোভিড-১৯ আক্ৰান্ত হোৱাৰ পিচতে চিকিৎসালয়খনে বন্ধ কৰি দিয়ে ইয়াৰ ডায়েলাইছিচ কক্ষ । চিকিৎসালয়খনৰ ডায়েলাইছিচ কক্ষত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে সোমবাৰে । ইয়াৰ পিচতেই চিকিৎসালয়খনৰ সকলো কাম সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ।

চিকিৎসালয়খনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি,ইতিমধ্যে চিকিৎসালয়খনত কৰ্মৰত ২৫গৰাকী কৰ্মচাৰীক সাৱধানতামূলকভাৱে আছুতীয়াকৈ ৰখা হৈছে ।

মহাৰাষ্ট্ৰ চৰকাৰৰ অধীনস্থ জেজে হাস্পতাল পুনৰ আৰম্ভ কৰিবলৈ কিছু সপ্তাহৰ প্ৰয়োজন হ'ব বুলি জানিব পৰা গৈছে । চিকিৎসালয়খনত এগৰাকী কৰ্মীক জৰুৰীকালীন ঘটনাৰ বাবে সক্ৰিয় কৰি ৰখা হৈছে ।

জেজে হাস্পতালৰ উপৰিও জিটি হাস্পতাল আৰু ছেইন্ট জৰ্জ হাস্পতালো মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত যদিও এইকেইখন চিকিৎসালয়ত ডায়েলাইছিচৰ সুবিধা উপলব্ধ নাই ।

লগতে পঢ়কঃ কৰ’ণাৰ প্ৰতিষেধক আৱিষ্কাৰৰ বাবে চলি আছে গৱেষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.