ETV Bharat / bharat

মাতৃৰ চিতাত কুকুৰা ৰান্ধিলে হত্য়াকাৰী পুত্ৰই - Jharkhand man kills mother, cooks chicken on her pyre

ঝাৰখণ্ডৰ চাইবাচা জিলাত এজন ব্য়ক্তিয়ে নৃশংসভাৱে হত্য়া কৰি চোতালত মৃতদেহ জ্বলাই দিয়ে তেওঁৰ মাতৃৰ । কেৱল এয়াই নহয় মাতৃৰ চিতাত কুকুৰা ৰান্ধিলে হত্য়াকাৰী পুত্ৰই ।

মাতৃৰ চিতাত কুকুৰা ৰান্ধিলে হত্য়াকাৰী পুত্ৰই

author img

By

Published : Jan 30, 2021, 9:55 PM IST

নিউজ ডেস্ক , ৩০ জানুৱাৰী : ভাৰতৰ ঝাৰখণ্ডত অমানৱীয় কাণ্ড । চাইবাচা জিলাত এজন ব্য়ক্তিয়ে নৃশংসভাৱে হত্য়া কৰি চোতালত মৃতদেহ জ্বলাই দিয়ে তেওঁৰ মাতৃৰ । লগতে মাতৃৰ চিতাত কুকুৰাৰ মাংসও ৰান্ধে ।

ঘটনাটো মনোহৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জোজোগাটু গাওঁৰ । ৩৫ বছৰীয়া প্ৰধান চয় নামৰ মানসিক ৰোগত আক্ৰান্ত ব্য়ক্তি গৰাকীয়ে শুই থকা অৱস্থাত নিজৰ মাতৃক হত্য়া কৰে । অভিযোগ অনুসৰি অভিযুক্তজনে তেওঁৰ ঘৰৰ চোতালত তেওঁৰ মাকৰ চিতাত কুকুৰা ৰান্ধিছিল । পিছত, শনিবাৰে ৰাতিপুৱা আধা পোৰা শৰীৰটো ঘৰৰ মাটিৰ চুলাত পেলাই দিছিল । এই সমগ্ৰ ঘটনাৰ বিষয়ে পিছত তেওঁৰ ভনীয়েকে গাওঁবাসীক অৱগত কৰে ।

স্থানীয় লোকসকলে জনোৱা মতে চয় মানসিকভাৱে অস্থিৰ কিয়নো তেওঁ প্ৰায় চাৰি বছৰ আগতে তেওঁৰ দেউতাককো হত্যা কৰিছিল । ইফালে আৰক্ষীয়ে শৰীৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰু হত্যাকাৰী অভিযুক্ত চয়ক জিম্মাত লৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.