ETV Bharat / bharat

14 দিনৰ হোম কোৱাৰেণ্টাইনলৈ মুখ্যমন্ত্ৰী

author img

By

Published : Jul 8, 2020, 6:34 PM IST

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে কেবিনেটৰ বৈঠকত কৰ'ণা আক্ৰান্ত মন্ত্ৰীক সাক্ষাৎ কৰাৰ পিচতে নিজ বাসগৃহত হোম কোৱাৰেন্টাইন হোৱা বুলি জানিব পৰা গৈছে । এগৰাকী চৰকাৰী বিষয়াই জনাইছে এই তথ্য । মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াভাবে ৰাজ্যখনৰ জল আৰু স্বচ্ছতা মন্ত্ৰী মিথিলেশ ঠাকুৰৰ সংস্পৰ্শলৈ আহিছিল । যি গৰাকী মন্ত্ৰীয়ে ইতিমধ্যে কোভিড-১৯ ত আক্ৰান্ত হৈছে ।

jharkhand-cm-hemant-soren-goes-into-home-quarantine

নিউজ ডেস্ক, ৮ জুলাই : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে কেবিনেটৰ বৈঠকত কৰ'ণা আক্ৰান্ত মন্ত্ৰীক সাক্ষাৎ কৰাৰ পিচতে নিজ বাসগৃহত হোম কোৱাৰেন্টাইন হোৱা বুলি জানিব পৰা গৈছে । এগৰাকী চৰকাৰী বিষয়াই জনাইছে এই তথ্য ।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াভাবে ৰাজ্যখনৰ জল আৰু স্বচ্ছতা মন্ত্ৰী মিথিলেশ ঠাকুৰৰ সংস্পৰ্শলৈ আহিছিল । যি গৰাকী মন্ত্ৰীয়ে ইতিমধ্যে কোভিড-১৯ ত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । আনকি, মুখ্যমন্ত্ৰী গৰাকীয়ে কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীক হোম কোৱাৰেন্টাইন হব'লৈ নিৰ্দেশ প্ৰদান কৰিছে ।

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে আক্ৰান্ত মন্ত্ৰী গৰাকীৰ লগতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়ক মথুৰা মহতোৰ অতিশীঘ্ৰে আৰোগ্য কামনা কৰিছে ।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী হেমন্ত চোৰনৰ তেজৰ নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ।

উল্লেখযোগ্য যে, মংগলবাৰৰ তথ্য অনুসৰি, ঝাৰখণ্ডত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩,০১৮ জন । ইয়াৰ ভিতৰত ২২ জন ৰোগীৰ মৃত্যু হোৱাৰ লগতে ৮৯২ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.