ETV Bharat / bharat

জম্মু জিলা প্ৰশাসনে মুকলি কৰিলে "e-pass" সেৱা

author img

By

Published : Apr 14, 2020, 9:54 AM IST

জম্মু জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ । e-pass সেৱাৰ মুকলি কৰি কৰ'ণা ভাইৰাছ সম্ভাৱনীয় অঞ্চলত বাস কৰা লোকক অনলাইন আবেদন যোগে জৰুৰী কামত চলাচল কৰাৰ অনুমতি প্ৰদান ।

Jammu dist launches e-pass service for emergency movement from 'red zone'

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ জম্মু জিলা প্ৰশাসনে সোমবাৰে মুকলি কৰে "e-pass" সেৱা । এই সেৱাৰ জৰিয়তে কৰ'ণা ভাইৰাছ সম্ভাৱনীয় এলেকাত (coronavirus red zone) অনলাইন আবেদন যোগে জৰুৰী কামত চলাচল কৰাৰ অনুমতি লাভ কৰিব আবেদনকাৰীয়ে ।

এই সন্দৰ্ভত জম্মুৰ জিলা উপায়ুক্ত সুষমা চৌহানে কয় যে, এই সেৱাৰ জৰিয়তে ৰেড জ'ন এলেকাত বাস কৰা লোকসকলক জৰুৰী সময়ত চলা-ফুৰা কৰাৰ অনুমতি প্ৰদান কৰা হ'ব । অন্যহাতে এওঁলোকক বাহিৰলৈ ওলাই যোৱাৰ অনুমতি দিয়া নহয় ।

ৱেৱচাইটত গৈ এই সেৱাৰ বাবে আবেদন কৰিব লাগিব আবেদনকাৰীয়ে । এই সেৱা লাভ কৰিবলৈ আবেদনকাৰীয়ে দিব লাগিব কিছুমান তথ্য । যেনে নিজৰ বিৱৰণ, পাছ লোৱাৰ কাৰণ ইত্যাদি ।

e-pass ৰ ছফ্টওৱেৰটো তৈয়াৰ কৰা হৈছে নেশ্যনেল ইনফৰমেটিক চেন্টাৰ, জম্মু কাশ্মীৰ আৰু NIC দিল্লীৰ সহযোগত । এই অনলাইন সেৱাৰ যোগেদি তিনিধৰণৰ e-pass ৰ সুবিধা দিয়া হৈছে- জিলাৰ ভিতৰত, আন্তঃজিলা আৰু আন্তঃৰাজ্য ।

আবেদনকাৰীয়ে সকলো তথ্য পূৰণ কৰাৰ পাচত SMS আৰু eMail যোগে আবেদনৰ জাননী লাভ কৰিব । আবেদনকাৰীয়ে https://serviceonline.gov.in চাইটত গৈও নিজৰ আবেদনৰ স্থিতি সম্পৰ্কে জানিব পাৰিব । আনহাতে প্ৰতিটো e-pass তে QR code সংযোজিত হৈ থাকিব যাতে প্ৰশাসনে পাচটোৰ বৈধ্যতা আৰু সত্যতা প্ৰমাণ কৰিব পাৰে ।

বৰ্তমান এই সেৱা কেৱল ৰেড জ'ন অঞ্চলৰ বাবে মুকলি কৰা হৈছে । পৰৱৰ্তী সময়ত সমগ্ৰ জিলাতে এই সেৱা কাৰ্যকৰী কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.