ETV Bharat / bharat

জম্মু-কাশ্মীৰত ক্ৰমে হ্ৰাস পাইছে নৱজাতকৰ মৃত্যুৰ হাৰ - ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান

জম্মু-কাশ্মীৰত নৱজাতকৰ মৃত্যুৰ হাৰ ৫২ (২০০৫)ৰ পৰা ২২ (২০১৮)লৈ হ্ৰাস পাইছে বুলি ভাৰতৰ মহাপঞ্জীয়কে তথ্য প্ৰকাশ কৰিছে । মহাপঞ্জীয়ক বিবেক যোশীয়ে প্ৰকাশ কৰা তালিকাত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ স্বাস্থ্য আৰু স্বাস্থ্য শিক্ষা বিভাগে চৰকাৰী অনুষ্ঠানসমূহত জন্মগ্ৰহণ কৰা নৱজাতকৰ তথ্য প্ৰদান কৰিছে ।

হ্ৰাস পাইছে নৱজাতকৰ মৃত্যুৰ হাৰ
হ্ৰাস পাইছে নৱজাতকৰ মৃত্যুৰ হাৰ
author img

By

Published : May 9, 2020, 5:10 PM IST

নিউজ ডেস্ক, ৯ মে' : মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত সন্তোষজনক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি, শিশু আৰু মাতৃৰ স্বাস্থ্যৰ লগত জড়িত বহুকেইটা দিশৰ লগতে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত উল্লেখনীয় সফলতা লাভ কৰিছে ।

কেন্দ্ৰীয়শাসিত অঞ্চলটোত নৱজাতকৰ মৃত্যুৰ হাৰ ২০০৫ চনৰ পৰা ২০১৮ চনলৈ বহুখিনি হ্ৰাস পোৱা বুলি দেশৰ মহাপঞ্জীয়কে উল্লেখ কৰিছে । দেশৰ মহাপঞ্জীয়কে প্ৰকাশ কৰা তালিকাত নৱজাতকৰ মৃত্যুৰ হাৰ ২০০৫ চনৰ ৫২ ৰ পৰা ২০১৮ চনত ২২লৈ হ্ৰাস পাইছে, যিটো বৰ্তমান দেশৰ নৱজাতকৰ মৃত্যুৰ হাৰ ৩২ কৈ বহু কম ।

কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ স্বাস্থ্য আৰু স্বাস্থ্য শিক্ষা বিভাগৰ বিত্তীয় আয়ুক্ত অটল দুল্লোই প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ সহযোগত গোটেই স্বাস্থ্য় আৰু স্বাস্থ্য় শিক্ষা বিভাগে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহত নৱজাতকৰ স্বাস্থ্য়ৰ ক্ষেত্ৰত সকলোখিনি সহযোগিতা আগবঢ়াইছে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিত্তীয় সহযোগত ২৭ খন জিলাত স্পেচিয়েল নিউবৰ্ণ কেয়াৰ ইউনিট (SNCUs), ৩খন এনআইচিইউৰ লগতে ২৬৪ টা প্ৰসৱকেন্দ্ৰত নিউবৰ্ণ ষ্টেবিলাইজেশ্বন ইউনিট (NBSUs) আৰু নিউবৰ্ণ কেয়াৰ কৰ্ণাৰ (NBCCs) গঢ়ি তোলা হৈছে সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোত ।

বিগত সময়ত গ্ৰহণ কৰা এইসমূহ ব্যৱস্থাৰ ফলত কেন্দ্ৰীয় শাসিত অঞ্চলটোত নৱজাতকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুখিনি উন্নতি দেখা গৈছে আৰু নৱজাতকৰ মৃ্ত্য়ুৰ হাৰ কমি আহিছে । জননী শিশু সুৰক্ষা কাৰ্যক্ৰম আৰু স্বাস্থ্য় বিভাগত অত্যধিক লোকৰ নিযুক্তি আদি সকলোবিলাকে এইক্ষেত্ৰত অহিৰণা যোগাইছে । বিত্তীয় আয়ুক্ত অটল দুল্লোই প্ৰকাশ কৰা অনুসৰি, ২০২২লৈ শিশুৰ মৃত্যুৰ হাৰ এককৰ ঘৰলৈ কমাই আনিবলৈ ইতিমধ্যে কেন্দ্ৰীয় শাসিত অঞ্চলটোৱে এক কাৰ্যনীতি গ্ৰহণ কৰিছে ।

লগতে পঢ়কঃ 'বন্দে ভাৰত'ৰ তৃতীয় দিন : ব্ৰিটেইন, বাংলাদেশৰ পৰা প্ৰত্যাৱৰ্তন কৰিব প্ৰবাসী ভাৰতীয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.