নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰে শনিবাৰে ৰাষ্ট্ৰীয় দিৱস উপলক্ষে থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ডন প্ৰমুদ্বিনাইক শুভকামনা জনায় । টুইটযোগে জনোৱা শুভেচ্ছা বাৰ্তাত মন্ত্ৰী জয়শংকৰে লিখিছে যে, 'ৰাষ্ট্ৰীয় দিৱসৰ শুভ ক্ষণত থাইলেণ্ডৰ চৰকাৰ, উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ডন প্ৰমুদ্বিনাই আৰু থাইলেণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰিছো । বৰ্ণিল সংস্কৃতি আৰু ইতিহাসৰ আধাৰত আমাৰ সম্পৰ্ক যথেষ্ট গুৰুত্বপূৰ্ণ । থাইলেণ্ড আমাৰ পূৱ নীতিৰ অংশীদাৰ' ।
-
Felicitate Dy. PM & FM Don Pramudwinai and the Government and people of Thailand on their National Day. Greatly value our multifaceted relations based on shared culture and history. Thailand is a key partner in our Act East Policy.
— Dr. S. Jaishankar (@DrSJaishankar) December 5, 2020 " class="align-text-top noRightClick twitterSection" data="
">Felicitate Dy. PM & FM Don Pramudwinai and the Government and people of Thailand on their National Day. Greatly value our multifaceted relations based on shared culture and history. Thailand is a key partner in our Act East Policy.
— Dr. S. Jaishankar (@DrSJaishankar) December 5, 2020Felicitate Dy. PM & FM Don Pramudwinai and the Government and people of Thailand on their National Day. Greatly value our multifaceted relations based on shared culture and history. Thailand is a key partner in our Act East Policy.
— Dr. S. Jaishankar (@DrSJaishankar) December 5, 2020
যোৱা মাহত আন্দামান সাগৰত অনুষ্ঠিত নৌসেনাৰ দুদিনীয়া ত্ৰিপাক্ষিক অনুশীলন SITMEX-2020ত ভাৰত আৰু ছিংগাপুৰৰ নৌসেনাৰ সৈতে একেলগে অনুশীলন কৰিছিল থাইলেণ্ডৰ নৌসেনাই । মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে 'যোগাযোগ নহয়, সাগৰতহে মাত্ৰ' নীতি মানি চলি অনুশীলন কৰে । তিনিওখন দেশৰ নৌসেনাৰ মাজত বুজাবুজি, শ্ৰেষ্ঠ অনুশীলন শৈলী পৰস্পৰৰ মাজত ভাগ-বটোৱাৰা কৰা, সামুদ্ৰিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ উদ্দেশ্যে ত্ৰিপাক্ষিক অনুশীলন আয়োজন কৰা হৈছিল ।
লগতে পঢ়ক:ডিব্ৰুগড়ত স্থাপন হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়