ETV Bharat / bharat

যোগগুৰু বাবা ৰামদেব আৰু সহযোগীৰ বিৰুদ্ধে জ্যোতি নগৰ থানাত গোচৰ - ৰাজস্থান উচ্চ ন্যায়ালয়

যোগগুৰু বাবা ৰামদেব, পতঞ্জলীৰ আচাৰ্য বালকৃষ্ণ আৰু জয়পুৰৰ NIMS বিশ্ববিদ্যালয়ৰ পৰিচালক বলবীৰ সিংহৰ বিৰুদ্ধে কৰ'ণা ভাইৰাছ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী জনোৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । জয়পুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অশোক গুপ্তাই জনোৱা অনুসৰি, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত জ্যোতিনগৰ থানাত গোচৰ ৰুজু কৰা হৈছে ।

jaipur-fir-against-ramdev-others-for-claiming-to-develop-covid-19-cure

author img

By

Published : Jun 28, 2020, 3:37 PM IST

নিউজ ডেস্ক, ২৮ জুন : যোগগুৰু বাবা ৰামদেব, পতঞ্জলীৰ আচাৰ্য বালকৃষ্ণ আৰু জয়পুৰৰ NIMS বিশ্ববিদ্যালয়ৰ পৰিচালক বলবীৰ সিংহৰ বিৰুদ্ধে কৰ'ণা ভাইৰাছ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী জনোৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

জয়পুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অশোক গুপ্তাই জনোৱা অনুসৰি, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত জ্যোতিনগৰ থানাত গোচৰ ৰুজু কৰা হৈছে । তেওঁ পুনৰ জনোৱা অনুসৰি, বাবা ৰামদেবৰ বিৰুদ্ধে আমি বহু কেইখন থানাত গোচৰ ৰুজু হৈছে । কোভিড-১৯ ৰ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

লগতে অভিযোগকাৰী অধিবক্তা গৰাকীয়ে জনোৱা অনুসৰি, যি সময়ত সমগ্ৰ বিশ্বই কোভিড-১৯ ৰ ভয়াবহতাত ভুগি আছে তেনে সময়ত ৰামদেবৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী সম্পূৰ্ণৰূপে আইনৰ পৰিপন্থী ।

উল্লেখযোগ্য যে, ২৩ জুনত বাবা ৰামদেৱৰ পতঞ্জলী অনুসন্ধান সংস্থাই এক সংবাদমেলৰ জৰিয়তে কোভিড-১৯ নিৰাময়ৰ বাবে ক'ৰনিল নামৰ এক ঔষধ প্ৰস্তুত কৰাৰ দাবী জনাইছিল যি কৰ'নিলে তিনি দিনত ৰোগীক সুস্থ কৰিব পাৰিব বুলি দাবী জনাইছিল । উক্ত সংবাদমেলৰ পিচতে আয়ুস মন্ত্ৰালয়ে ঔষধ পস্তুত কৰাৰ সকলো দস্তাবেজ আয়ুস মন্ত্ৰালয়ক জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । যাৰবাবে বৈজ্ঞানিক কোনো ধৰণৰ নীতি-নিৰ্দেশনা পালন নকৰাকৈ এনে ধৰণৰ ঔষধ প্ৰস্তুত কৰি বজাৰত মুকলি কৰি দিয়াটো সমূৰ্ণৰূপে আইনৰ পৰিপন্থী । এনে প্ৰেক্ষাপততে জ্যোতি নগৰ থানাত ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে অধিবক্তাগৰাকীয়ে ।

আনহাতে এই ঘটনাৰ পিচত আচাৰ্য বালকৃষ্ণই জনাই যে, কৰ'নিল প্ৰস্তুত কৰাৰ সময়ত আমি সকলো ধৰণৰ নীতি-নিৰ্দেশনা মানি প্ৰস্তুত কৰিছো ।

বাবা ৰামদেব আৰু সহযোগীৰ বিৰুদ্ধে জ্যোতি নগৰ থানাত গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.