নিউজ ডেস্ক, 6 জুলাইঃ প্ৰসিদ্ধ অৰ্থনীতিবিদ তথা নবেল বঁটাপ্ৰাপক ডঃ অমৰ্ত্য সেনে শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা "জয় শ্ৰী ৰাম" সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ৷ পুৰণি দিল্লীৰ এটি আবাসিক অঞ্চলত থকা এক দূৰ্গা মন্দিৰ ভাঙি পেলোৱাৰ পিচতেই অৰ্থনীতিবিদগৰাকীয়ে এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে ৷
অৰ্থনীতিবিদগৰাকীৰ মতে, জয় শ্ৰী ৰাম, জয় দূৰ্গা আদি শ্লোগানৰে বাংলা সংস্কৃতিৰ সৈতে কোনো সম্পৰ্ক নাই ৷ যাদৱপুৰ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে প্ৰসিদ্ধ অৰ্থনীতিবিদগৰাকীয়ে ৷ তেঁও লগতে কয় যে, বৰ্তমান সময়ত মানুহৰ মাজত হিংসা বিয়পাবলৈ এইদৰে ধৰ্মীয় শ্লোগানৰ ব্যৱহাৰ কৰি অহা হৈছে ৷