নিউজ ডেস্ক, 23 জুন : কোভিড-19ৰ মাজত দিয়া লকডাউনৰ সময়ত ভাৰতে বহুধৰনৰ চাইবাৰ অপৰাধৰ সন্মুখীন হয় ৷ তেনেই এক ঘটনা সংঘটিত হয় লক্ষ্নৌ চেন্ট্ৰেলৰ সহকাৰী আৰক্ষী আয়ুক্ত অভয় কুমাৰ মিশ্ৰৰ লগত ৷ আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীৰ নামত ফেচবুকত ভুৱা পেজ খুলি একাংশ চাইবাৰ অপৰাধীয়ে অবৈধভাৱে ধন সংগ্ৰহৰ কামত নামি পৰে ৷ আৰক্ষী বিষয়াগৰাকীৰ পেজটোত থকা বন্ধুৰ পৰা তাৎক্ষনিকভাৱে 5000টকালৈকে ধন জমা কৰিবলৈ আহ্বান জনাইছিল চাইবাৰ অপৰাধীয়ে ৷ চাইবাৰ অপৰাধীৰ দ্বাৰা সংঘটিত এই কাৰ্যকে আইডেনটিটি ক্লোনিং বুলি জনা যায় ৷
সমগ্ৰ ঘটনাটো তেতিয়াহে পোহৰলৈ আহে যেতিয়া, মিশ্ৰৰ এগৰাকী বন্ধুৱে তেওঁক ফোন কৰি এই বিষয়ে অৱগত কৰায় ৷ পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াগৰাকীয়ে ততালিকে লক্ষ্নৌৰ চাইবাৰ অপৰাধ শাখাত এক গোচৰ ৰুজু কৰে আৰু শাখাই লগে-লগেই ইয়াৰ অনুসন্ধানত নামি পৰে ৷ চাইবাৰ অপৰাধ শাখাৰ অনুসন্ধানত 12টা এনেকুৱা ঘটনা পোহৰলৈ আহে য'ত সামাজিক মাধ্যম ব্যৱহাৰ কৰি ভুৱা পেজৰ সহায়ত বন্ধুৰ তালিকাত থকা ব্যক্তিসকলক চিনাক্ত কৰি তেওঁলোকক ধন প্ৰদানৰ বাবে অনুৰোধ কৰা হয় ৷
এই ঘটনাৰ বিষয়ে উল্লেখ কৰি চাইবাৰ অপৰাধ শাখাৰ সহকাৰী আৰক্ষী আয়ুক্ত বিবেক ৰঞ্জন ৰায়ে কয় যে, "এনেকুৱা ঘটনাৰ পৰা বাছিবলৈ হ'লে ইন্টাৰনেট ব্যৱহাৰকাৰীসকল অধিক সজাগ হৈ থাকিব লাগিব ৷ ইয়াক লৈ আমি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে কিছুমান নিৰ্দেশনা বান্ধি দিছো আৰু সজাগতা সভাও অনুষ্ঠিত কৰিছো ৷ এনেকুৱা ঘটনাত সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে তেওঁৰ প্ৰ'ফাইল পিকচাৰটো লক কৰি থ'ব লাগে যাতে অপৰাধীসকলে ইয়াক ডাউনলোড কৰি ল'ব নোৱাৰে ৷ ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে তেওঁৰ বন্ধুৰ তালিকাখন লুকাই থ'ব লাগে ৷"
আইডেনটিটি ক্লোনিং সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত মিলিত হয় বিশিষ্ট চাইবাৰ বিশেষজ্ঞ শচীন গুপ্তাই ৷ ইটিভি ভাৰতৰ আগত বিশেষজ্ঞগৰাকীয়ে এই সন্দৰ্ভত বহুটো গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে ৷
লগতে পঢ়কঃ সাৱধান : উত্তৰ কোৰিয়াৰ চাইবাৰ অপৰাধী গ্ৰুপৰ হাতত 20 লাখ ভাৰতীয়ৰ তথ্য