ETV Bharat / bharat

মৃত সতপাল নিচ্চলৰ পৰিয়ালক সাক্ষাৎ জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্ণৰৰ

author img

By

Published : Jan 13, 2021, 9:52 PM IST

সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা সোণাৰি সতপাল নিচ্চলৰ পৰিয়ালক সাক্ষাৎ জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিনহাৰ ৷ শোকসন্তপ্ত পৰিয়ালক সান্তনা দি দোষী সাৰি যাব নোৱাৰে বুলি মন্তব্য সিনহাৰ ৷ শ্ৰীনগৰস্থিত নিজ দোকানত সন্ত্ৰাসবাদীৰ হাতত সতপালৰ মৃত্যু হৈছিল ৷

মৃত সতপাল নিচ্চলৰ পৰিয়ালক সাক্ষাৎ জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্ণৰৰ
মৃত সতপাল নিচ্চলৰ পৰিয়ালক সাক্ষাৎ জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্ণৰৰ

নেশ্যনেল ডেস্ক,13 জানুৱাৰী: জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিনহাই বুধবাৰে নিজ দোকানতে সন্ত্ৰাসবাদীৰ হত্যাৰ বলি হোৱা সোণাৰী সতপাল নিচ্চলৰ পৰিয়ালক সাক্ষাৎ কৰে ৷ কিছুদিন পূৰ্বে শ্ৰীনগৰত নিজ দোকানতে সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা মৃত সতপালৰ বাসগৃহত উপস্থিত হৈ লেফটেনেন্ট গৱৰ্ণৰ গৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷

এক উচ্চস্তৰীয় তদন্ত ইতিমধ্যে আৰম্ভ হৈছে বুলি জানিবলৈ দি মনোজ সিনহাই পৰিয়ালবৰ্গক আশ্বাস প্ৰদান কৰি কয় যে, এই ঘৃণনীয় হিংসাত্মক কাৰ্যত জড়িত প্ৰত্যেকজন কালপ্ৰিটক বিচাৰ প্ৰক্ৰিয়াৰ অধীনলৈ অনা হ'ব ৷

জম্মু-কাশ্মীৰৰ তথ্য আৰু জনসম্পৰ্ক বিভাগৰ মতে লেফটেনেন্ট গৰাকীয়ে সমগ্ৰ ঘটনাক ঘৃণনীয় আৰু কাপুৰুষালি বুলি আখ্যা দি শোকসন্তপ্ত পৰিয়ালক শান্তনা দিয়াৰ লগতে এনে ঘটনাত জড়িত দোষীয়ে শাস্তি নোপোৱাকৈ থাকিব নোৱাৰে বুলি মন্তব্য কৰে ৷

সোণাৰি গৰাকীৰ পৰিয়ালে মনোজ সিনহাক জানিবলৈ দিয়া মতে তেওঁলোকে স্থানীয় লোকৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখি বিগত 50 বছৰে কাশ্মীৰত বসবাস কৰি আহিছে ৷

লগতে পঢ়ক:জম্মু আৰু কাশ্মীৰৰ সীমান্তত সুৰংগ আৱিস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.