ETV Bharat / bharat

জন্মু-কাশ্মীৰৰ বৰফাবৃত অঞ্চলত হেলিকপ্টাৰযোগে ক'ভিড ভেকচিন যোগানৰ ব্যৱস্থা

author img

By

Published : Jan 16, 2021, 8:55 AM IST

জন্মু-কাশ্মীৰৰ বৰফাবৃত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে ক'ভিড ভেকচিন ৷ হেলিকপ্টাৰৰ জৰিয়তে স্বায়িত্ব শাসিত ৰাজ্য খনৰ দূৰ্গম অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হয় এই ভেকচিন সমূহ ৷

জন্মু-কাশ্মীৰৰ বৰফাবৃত অঞ্চলত হেলিকপ্টাৰ যোগে ক'ভিড ভেকচিন যোগানৰ ব্যৱস্থা

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ব মহামাৰী ক'ভিড নিৰাময়ৰ বাবে ভেকচিন প্ৰদানৰ কাৰ্যসূচী ৷ ইতিমধ্য়ে দেশৰ প্ৰতিখন ৰাজ্য়লৈ কেন্দ্ৰই প্ৰেৰণ কৰিছে ভেকচিন সমূহ ৷ যিসমূহ স্থানলৈ যাতায়তৰ অসুবিধাৰ বাবে ভেকচিন প্ৰেৰণত সমস্যাৰ সৃষ্টি হৈছে সেই সমূহ স্থানলৈ হেলিকপ্টাৰ যোগে ভেকচিন প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷ জন্মু-কাশ্মীৰৰ বৰফাবৃত বহু কেইটা স্থানলৈ ইতিমধ্যে হেলিকপ্টাৰৰ যোগেদি ভেকচিন প্ৰেৰণ কৰা হৈছে ৷ বৰফাবৃত এই সমূহ অঞ্চলতো আজিৰে পৰা প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন ৷

স্বায়িত্ব শাসিত ৰাজ্যখনৰ স্বাস্থ্য, শিক্ষা তথা বিত্তীয় আয়ুক্ত আটাল ডুলালে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰফে আৱৰি থকা অঞ্চলসমূহৰ লগতে দূৰ-দূৰণিৰ অন্যান্য অঞ্চলসমূহতো ক'ভিড টীকাকৰণৰ সু-ব্যৱস্থা কৰি তোলা হৈছে ৷ ৰাজ্যখনৰ অতি দুৰ্গম অঞ্চল গুৰেজলৈয়ো ক'ভিড ভেকচিন প্ৰেৰণ কৰাৰ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰতে প্ৰদানৰ ব্যৱস্থা কৰি তোলা হৈছে ৷

ডুলালে প্ৰকাশ কৰা অনুসৰি, স্বায়ত্ব শাসিত অঞ্চলটোত ক'ভিড-19ৰ টিকাকৰণৰ প্ৰথম পৰ্যায়টো শনিবাৰে মুঠ 40 টা কেন্দ্ৰত আৰম্ভ হ'ব ৷ ইয়াৰ ভিতৰত আছে জন্মু আৰু কাশ্মীৰৰ 20 টাকৈ অঞ্চল ।

প্ৰাপ্ত খবৰ অনুসৰি, জন্মু আৰু কাশ্মীৰৰ বাবে মুঠ 1,46,500 পালি কোভিশ্বিল্ড ভেকচিন সংগ্ৰহ কৰা হৈছে ৷ ইয়াৰে 79,000 পালি কাশ্মীৰ আৰু জন্মুৰ বাবে 67,500 পালি সংগ্ৰহ কৰা হৈছে ৷

অন্য এক খবৰৰ বাবে: LCA তেজশ্ব ক্ৰয়ে সৃষ্টি কৰিব 50,000 নতুন চাকৰিৰ : প্ৰতিৰক্ষা মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.