নিউজ ডেস্ক, 15 এপ্ৰিলঃ জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত নিয়মীয়া তালাচীৰ সময়ত আঘাটপ্ৰাপ্ত হোৱা এগৰাকী সেনা বিষয়াৰ সোমবাৰে মৃত্যু হয় ৷ সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা ৷
ৰাষ্ট্ৰীয় ৰাইফলছৰ 57 বেটেলিয়নত কৰ্মৰত তথা সেনাৰ ৰাজপুতনা ৰাইফলছৰ মেজৰ বিকাশ সিং দেওবাৰে আঘাটপ্ৰাপ্ত হৈছিল ৷ নিয়মীয়া তালাচীৰ সময়তে দ' গাতত পৰি আঘাটপ্ৰাপ্ত হৈছিল সেনা বিষয়াগৰাকী ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বাদামীবাগস্থিত সেনাৰ 92 বেছ হাস্পতাললৈ স্থানান্তৰিত কৰা হৈছিল সেনা বিষয়াগৰাকীক ৷ মেজৰ বিকাশ সিঙৰ চিকিৎসাধীন অৱস্থাতে সেনা চিকিৎসালয়ত মৃত্যু হয় ৷ সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা ৷ উত্তৰ প্ৰদেশৰ গাজিপুৰৰ বাসিন্দা আছিল মেজৰ বিকাশ সিং ৷ মৃত্যুৰ সময়ত সেনা বিষয়াগৰাকীয়ে নিজ মাতৃৰ লগতে পত্নী আৰু এটি তিনিমহীয়া ছোৱালী সন্তানক এৰি থৈ গৈছে ৷