নিউজ ডেস্ক, ১ অক্টোবৰ: উত্তৰ কাশ্মীৰৰ কুপৱাড়া জিলাৰ ভাৰত-পাক সীমান্তৰ নৌগাম চেক্টৰত নিয়ন্ত্ৰণ ৰেখা (এলঅ'চি) ত পাকিস্তানী সেনাই বৃহস্পতিবাৰে পুৱা পুনৰ এবাৰ যুদ্ধ বিৰতি উলংঘন কৰে, যাৰ ফলত শ্বহীদ হয় দুই ভাৰতীয় সেনা জোৱান।
এই সন্দৰ্ভত ৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল ৰাজেশ্ব কালিয়াই কয় যে, " নৌগাম চেক্টৰ, কুপৱাড়াত এলঅ'চিত আজি (বৃহস্পতিবাৰে) পুৱা মৰ্টাৰ আৰু অন্য মাৰণাস্ত্ৰৰে গুলীবৰ্ষণ কৰি পাকিস্তানে যুদ্ধ বিৰতি উলংঘন আৰম্ভ কৰিছে । তদুপৰি উক্ত আক্ৰমণৰ তাৎক্ষণিক আৰু প্ৰভাৱশালী প্ৰক্ৰিয়াৰে ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে। "
তদুপৰি তেখেতে আগলৈ কয় যে, সেনাই দিয়া প্ৰত্যোত্তৰৰ সময়ত হোৱা সংঘৰ্ষত ১৫ শিখ লাইট ইন্ফেন্ট্ৰীৰ হাবিলদাৰ কুলদ্বীপ আৰু ৮ জেএকে ৰাইফলচৰ ৰাইফল মেন শুভম শ্বহীদ হয় । এই সংঘৰ্ষত চাৰি অন্য যিকেইজন জোৱান আহত হৈছিল তেওঁলোকক উক্ত স্থানৰ পৰা উদ্ধাৰ কৰি অনাৰ প্ৰক্ৰিয়া অব্যাহত আছে ।
লগতে পঢ়ক : হাথৰছ কাণ্ডঃ ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল-প্ৰিয়ংকাই