নিউজ ডেস্ক, ১২ এপ্ৰিলঃ দেশ জুৰি বিভিন্ন ৰক্তদান শিৱিৰত তেজৰ জৰুৰীকালিন আৱশ্য়কতাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰায়ছীনা ৰ'ডস্থিত কংগ্ৰেছৰ মুখ্যকাৰ্যলয়ত আয়োজিত ৰক্তদান শিৱিৰত ৰক্তদান যুৱ কংগ্ৰেছীৰ ।
শনিবাৰে দিল্লীৰ ৰায়ছীনা ৰ'ডস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যলয়ত আয়োজিত ৰক্তদান শিৱিৰত ৰক্তদান কৰে যুৱ কংগ্ৰেছী কৰ্মী সকলে । দেশত চলি থকা লক্ ডাউনৰ মাজতেই বিভিন্ন ব্লাড বেংক সমূহত দেখা দিছে তেজৰ নাটনিয়ে । জৰুৰীকালিন থেলাছেমিয়া আৰু ডায়লেছিছ ৰোগীৰ বাবে শনিবাৰে ৰক্তদান কৰে যুৱ কংগ্ৰেছৰ কৰ্মী সকলে । ভাৰতীয় যুৱ কংগ্ৰেছে আয়োজন কৰিছিল এই ৰক্তদান শিৱিৰ ।
এই সন্দৰ্ভত ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিয়ে কয় যে, জৰুৰীকালীন সময়ত দেশৰ বাবে থিয় দিব যুৱ কংগ্ৰেছীয়ে । যেনেকৈ পাৰি তেনেকৈ প্ৰত্যেকক সহায় সহযোগিতা আগবঢ়োৱা হ'ব । মহাৰাষ্ট্ৰ, কেৰালা আদিকে ধৰি বহু কেইটা ঠাইৰ ব্লাড বেংক সমূহত তেজৰ অভাৱ দেখা পোৱা গৈছে ।