এগৰাকী প্ৰাক্তন কূটনীতিবিদৰ মতে যদি ভাৰত-আমেৰিকাৰ মাজত বাণিজ্য চুক্তি স্বাক্ষৰিত নহয় তথাপিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰথম ভাৰত ভ্ৰমণে দেশ দুখনৰ কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰিব । এই ভ্ৰমণে প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ আৰু শক্তি খণ্ডৰ দ্বিপাক্ষিক সহযোগিতা উন্নত কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে ।

প্ৰাক্তন ৰাষ্ট্ৰদূত তথা গেটৱে' হাউছ নামৰ থিংক টেংকৰ সন্মানীয় ফেল' ৰাজীৱ ভাটিয়াই কয় যে ভাৰত -আমেৰিকাৰ মাজৰ সম্পৰ্ক কেৱল বাণিজ্যক লৈ নহয়, এই সম্পৰ্ক সামগ্ৰিকভাৱে আন বিষয় যেনে প্ৰতিৰক্ষা আৰু শক্তি খণ্ডৰ কূটনৈতিক সহযোগিতাৰ লগত জড়িত ।

এই দুদিনীয়া ভ্ৰমণ কালত দেশ দুখনে ১০ বিলিয়ন ডলাৰৰ এক সীমিত দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ যথেষ্ট ইংগিত পোৱা গৈছিল । কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা সপ্তাহত স্পষ্ট কৰি দিয়ে যে তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ত কোনো ধৰণৰ বাণিজ্য চুক্তি সম্পাদন কৰা নহ'ব । ট্ৰাম্পে এই ডাঙৰ চুক্তিখন পৰৱৰ্তী সময়লৈ থৈ দিয়া বুলি বিগত সপ্তাহত মন্তব্য কৰে ।

ভাৰতলৈ অহাৰ পূৰ্বে তেওঁ কৈছিল--মই নাজানো এই চুক্তি নিৰ্বাচনৰ আগতে হ'বনে নাই । কিন্তু ভাৰতৰ লগত আমাৰ এখন ডাঙৰ চুক্তি সম্পাদন হোৱাটো নিশ্চিত । নৱেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ পূৰ্বে এখন ক্ষুদ্ৰ বাণিজ্যিক চুক্তি হ'লেও সম্পাদন হ'বনৈ নহয় তাক লৈ সৃষ্টি হোৱা সন্দেহত চেকৰ মন্তব্যই নিশ্চিতি প্ৰদান কৰে ।

কিন্তু তিনি দশকৰো অধিক কাল বৈদেশিক সেৱাত থাকি বিদেশত ভাৰতৰ কেইবাটাও মিছনৰ নেতৃত্ব দিয়া ৰাজীৱ ভাটিয়াৰ দৰে বৈদেশিক সম্পৰ্ক বিশেষজ্ঞসকল ট্ৰাম্পৰ ভাৰত ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত পেলাব পৰা ইতিবাচক প্ৰভাৱ সন্দৰ্ভত যথেষ্ট আশাবাদী । ৰাজীৱ ভাটিয়াই ইটিভি ভাৰতৰ সন্মুখত মন্তব্য কৰে--আমেৰিকাৰ ৰাষ্ট্ৰপতি এতিয়াও বিশ্বৰ আটাইতকৈ শক্তিশালী ব্যক্তি আৰু তেওঁৰ ভ্ৰমণৰ প্ৰতি সমগ্ৰ পৃথিৱীৰ দৃষ্টি নিবদ্ধ থাকিব । তেওঁৰ মতে ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণ সামগ্ৰিক সম্পৰ্কৰ লগত জড়িত । ইয়াৰ ফলত কূটনৈতিক সম্বন্ধ, আন আন দিশৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব ।

তেওঁৰ মন্তব্য এনেধৰণৰ--আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণে চীন, দক্ষিণ এছিয়া আৰু আফগানিস্তান সম্পৰ্কত আমাৰ এক উমৈহতীয়া দৃষ্টিভংগী গঢ়াত সহায় কৰিব । পাকিস্তান-আফগানিস্তান অঞ্চলৰ পৰা জন্ম লাভ কৰা সন্ত্ৰাসবাদৰ পৰা ভাৰত আৰু আমেৰিকা দুয়োখন দেশেই ক্ষতিগ্ৰস্ত হৈছে আৰু দুয়োখন দেশেই নিৰাপত্তা আৰু অঞ্চলটোত সুস্থিৰতা বিৰাজ কৰাৰ ক্ষেত্ৰত চিন্তিত । তদুপৰি ইণ্ডো-পেছিফিক অঞ্চল আৰু দক্ষিণ চীন সমুদ্ৰ ব্যৱহাৰৰ ক্ষেত্ৰতো আমেৰিকা আৰু ভাৰতবৰ্ষৰ উমৈহতীয়া দৃষ্টিভংগী আছে । সামুদ্ৰিক অঞ্চলকলৈ চীন, জাপান, ভিয়েটনাম আৰু ফিলিপাইনছৰ মাজত বিভিন্ন জটিলতাৰ সৃষ্টি হৈ আহিছে ।