নিউজ ডেস্ক, 11 এপ্ৰিলঃ COVID-19 সংক্ৰমণ ৰোধৰ বাবে চলি খকা যুঁজৰ জটিল সময়ত দেশ ব্যাপি 24x7 সেৱা আগবঢ়াই অহা দ্বিতীয় পৰ্যায়ৰ চিকিৎসা কৰ্মীৰ বাবে আই টি বি পিয়ে নিৰ্মাণ কৰিছে ব্যক্তিগত ৰক্ষাৰ সৰঞ্জাম । ভাৰত-তীব্বত সীমান্ত আৰক্ষী চমুকৈ আই টি বি পিয়ে ব্যক্তিগত ৰক্ষাৰ ব্যক্তিগত ৰক্ষাৰ সৰঞ্জাম(PPE)ৰ লগতে নিৰ্মাণ কৰিছে তিনি তৰপৰ মাস্ক । চাৱলি কেন্দ্ৰত এই সামগ্ৰী সমূহ প্ৰস্তুত কৰা হৈ আছে ।
"PPE দ্বিতীয় পৰ্যায়ৰ কৰ্মীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যিসকলে চিকিৎসা আৰু প্ৰশাসনিক কামত নিয়োজিত হৈ হাস্পতাল ৱাৰ্ড, প্ৰত্যক্ষ ভাবে ৰাজহুৱা চেনিটাইজেচন , স্ক্ৰিনীং আৰু হাস্পতালাৰ গোটত কাম কৰি আছে । এই সামগ্ৰী সমূহ বিজ্ঞানসন্মত আৰু NITRA আৰু AIIMS ৰ মঞ্জুৰীৰ পাচত প্ৰস্তুত কৰা হৈছে ।"- এইদৰে কয় আই টি বি পিৰ এগৰাকী মুখপাত্ৰই ।
ব্যক্তিগত ৰক্ষাৰ সৰঞ্জাম (PPE) 100 টকাত উপলদ্ধ হ'ব আৰু তিনিতৰপৰ মাস্ক 5 টকাতকৈয়ো কম মূল্যত ক্ৰয় কৰিব পাৰিব । বৰ্তমান 1000 PPE আৰু 2000 মাস্ক প্ৰস্তুত কৰা হৈছে । প্ৰতিদিনে 200 PPE আৰু 500 মাস্ক প্ৰস্তুত কৰি আছে আই টি বি পিৰ কৰ্মী সকলে । এই PPE ৰ জৰিয়তে মূৰৰ পৰা ভৰিলৈ আৱৰণ প্ৰদান কৰি দ্বিতীয় পৰ্যায়ৰ কৰ্মীসকলক কৰ'ণা ভাইৰাচৰ পৰা সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে ।