নিউজ ডেস্ক, 21 জুনঃ আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ যোগ দিৱসৰ লগত সংগতি ৰাখি জম্মু কাশ্মীৰৰ লডাখত আইটিবিপিৰ জোৱানে কৰে যোগাভ্যাস ৷ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 18 হাজাৰ ফুট উচ্চতাত শূণ্য ডিগ্ৰীৰো কম তাপমাত্ৰাত যোগাসন কৰে জোৱানসকলে ৷
আনহাতে উত্তৰ ছিকিমত প্ৰায় 18,800 ফুট উচ্চতাত আইটিবিপি জোৱানে কৰিলে যোগাসন ৷
উত্তৰাখণ্ডৰ ভাৰত চীনৰ সীমান্তৱৰ্তী বসুধাৰা গ্লে'ছিয়াৰত প্ৰায় 14 হাজাৰ উচ্চতাত যোগাভ্যাস কৰিলে আইটিবিপি জোৱানে ৷
উত্তৰাখণ্ডৰ অউলীটো প্ৰায় 10 হাজাৰ ফুট উচ্চতাত যোগাভ্যাস কৰে আইটিবিপিৰ জোৱানসকলে ৷
একেদৰে অৰুণাচল প্ৰদেশৰ এনিমেল ট্ৰেইনিং চেন্টাৰটো আইটিবিপিৰ জোৱানে ঘোঁৰাৰ লগত যোগাসন কৰে ৷
উল্লেখ্য যে, 2020 বৰ্ষৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে 'Yoga for Health-Yoga at Home' ৷
লগতে পঢ়ক: কোভিডৰ সময়ত যোগৰ মাধ্যমেৰে সুস্থ্য কৰি ৰাখক নিজকে