ETV Bharat / bharat

কৰ'ণাতংক: ইটালীত 12 এপ্ৰিললৈকে বৃদ্ধি লক ডাউনৰ ম্যাদ - কৰ'ণা ভাইৰাছৰ ত্ৰাস

কেৱল সোমবাৰে ইটালীত 812 গৰাকী লোকৰ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৷ নাগৰিক সুৰক্ষা সেৱাই দিয়া এক তথ্য অনুসৰি ইটালীত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যাই 1 লাখ অতিক্ৰম কৰিছে৷ অন্য এক তথ্য মতে ইটালীত 21ফ্ৰেব্ৰুৱাৰীত পোহৰলৈ অহা প্ৰথম কৰ'ণা আক্ৰান্তৰ ঘটনাৰ পাছত বৰ্তমান ইয়াৰ গতি কিছু কমিছে ৷

italy-extends-lockdown-until-at-least-april-12-etv-bharat-news
কৰ'ণাতংক: ইটালীত 12 এপ্ৰিললৈকে বৃদ্ধি লক ডাউনৰ ম্যাদ৷
author img

By

Published : Mar 31, 2020, 9:43 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 31 মাৰ্চ: বিশ্বব্যাপী অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ত্ৰাস ৷ এই মাৰাত্মক ভাইৰাছৰ ফলত সৰ্বাধিক লোকৰ মৃত্যু হৈছে ইটালীত ৷ অন্যহাতে ইটালীত দ্ৰুত গতিত বৃদ্ধি পাইছে আক্ৰান্ত হোৱা লোকৰ সংখ্যাও ৷ সোমবাৰে ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ইটালীত 11,591 গৰাকী লোকৰ প্ৰাণ লোৱা কৰ'ণা ভাইৰাছক ৰোধ কৰিবলৈ লক ডাউনৰ ম্যাদ এপ্ৰিল মাহৰ মাজ ভাগলৈ বঢ়াই দিয়া হ'ব বুলি কয় ৷

যাৰ পাছতেই ইটালীয়ে কৰ'ণা মহামাৰীৰ প্ৰকোপৰ ফলত ৰাষ্ট্ৰজুৰি লক ডাউনৰ ম্যাদ বঢ়াই দিয়া হৈছে ৷ ইটালীত 10 মাৰ্চৰ পৰা আৰম্ভ হোৱা দেশজোৰা লক ডাউন 12 এপ্ৰিললৈকে ম্যাদ বঢ়াই দিয়াৰ সিদ্ধান্ত লোৱা হয় ৷ ইটালীৰ শীৰ্ষ স্বাস্থ্য বিষয়াই সোমবাৰে এই কথা সদৰি কৰে ৷ ইটালীৰ স্বাস্থ্যমন্ত্ৰী ৰবাৰ্টো স্পিৰাঞ্জাই সোমবাৰে সংবাদকৰ্মী সকলৰ আগত কয় যে,এই নিৰ্ণয় সোমবাৰে চৰকাৰৰ উচ্চস্তৰীয় প্ৰযুক্তি আৰু বৈজ্ঞানিক সমিতিৰ বৈঠকত লোৱা হয় ৷

উল্লেখযোগ্য যে,কেৱল সোমবাৰে ইটালীত 812 গৰাকী লোকৰ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷ নাগৰিক সুৰক্ষা সেৱাই দিয়া এক তথ্য অনুসৰি ইটালীত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যাই 1 লাখ অতিক্ৰম কৰিছে ৷ অন্য এক তথ্য মতে ইটালীত 21ফ্ৰেব্ৰুৱাৰীত পোহৰলৈ অহা প্ৰথম কৰ'ণা আক্ৰান্তৰ ঘটনাৰ পাছত বৰ্তমান ইয়াৰ গতি কিছু কমিছে ৷

নাগৰিক সুৰক্ষা সেৱাৰ চীফ এন্ঞ্জেল' বৰেলোৱে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে,যোৱা 24 ঘন্টাত 1590 গৰাকী এই ভাইৰাছত আক্ৰান্ত লোক সুস্থ হৈ উঠিছে ৷ আনহাতে লক ডাউনৰ ফলত চলিত বছৰত ইটালীৰ অৰ্থনৈতিক ব্যৱস্থা 7 শতাংশ সংকুচিত হোৱা বুলি ধাৰণা কৰিছে বিশ্বৰ একাংশ বেংক আৰু অৰ্থনৈতিক বিশ্লেষকে ৷

লগতে পঢ়ক :নগাঁৱৰ এজন আৰক্ষীৰ মহানুভৱতাঃ কৰ’ণাৰ বাৱে আগবঢ়ালে 50 হাজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.