ETV Bharat / bharat

চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিলে চন্দ্ৰযানে

author img

By

Published : Oct 5, 2019, 9:05 PM IST

ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই প্ৰকাশ কৰিছে চন্দ্ৰপৃষ্ঠৰ "high spatial resolution" ছবি ৷ ভাৰতীয় মহাকাশ গৱেষনা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ৰ দ্বাৰা প্ৰেৰিত ছবিসমূহ প্ৰকাশ কৰে ৷ টুইটাৰযোগে ইছৰোৱে প্ৰকাশ কৰে চন্দ্ৰপৃষ্ঠৰ ছবি ৷

চন্দ্ৰযানে প্ৰেৰণ কৰা চন্দ্ৰপৃষ্ঠৰ ছবিখন

নিউজ ডেস্ক, 5 অক্টোবৰঃ মহাকাশলৈ প্ৰেৰণ কৰা "চন্দ্ৰযান 2"ৰ পৰা ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই লাভ কৰিছে চন্দ্ৰপৃষ্ঠৰ ছবি ৷ মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন "high spatial resolution" ছবি ৷

সৌজন্যঃ ISRO
চন্দ্ৰপৃষ্ঠৰ প্ৰতিচ্ছবি

চন্দ্ৰযানত সংযুক্ত "Orbiter High Resolution" কেমেৰাই সংগ্ৰহ কৰা ছবিখন ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে ৷ ইছৰোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, ছবিখন চন্দ্ৰপৃষ্ঠৰ 100 কিলোমিটাৰ উচ্চতাৰ পৰা তোলা হৈছে ৷ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ "Boguslawsky E Crater" অংশৰ 14 কিলোমিটাৰ আৰু 3 কিলোমিটাৰ অঞ্চলৰ ভিতৰত তোলা হৈছে ছবিখন ৷

সৌজন্যঃ ISRO
চন্দ্ৰযানে প্ৰেৰণ কৰা ছবিখন

ইছৰোৰ এই সফলতাক দেশবাসীৰ লগতে বিশ্ববাসীয়ে প্ৰশংসা কৰিছে ৷ নাছাৰ দৰে সংস্থাই ভাৰতৰ অতি কম খৰচী চন্দ্ৰযান দ্বিতীয় অভিযানক তেওঁলোকৰ বাবে সম্ভৱ নাছিল বুলি কিছুদিন পূৰ্বেই প্ৰকাশ কৰিছিল ৷

সৌজন্যঃ ISRO
চন্দ্ৰযানে প্ৰেৰণ কৰা ছবিখন

উল্লেখ্য যে, চন্দ্ৰৰ বুকুত অৱতৰণ কৰাৰ আগমুহূৰ্তত ইছৰোৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰ ৷ অৱশ্যে চন্দ্ৰযানৰ অৰবিটাৰে এতিয়াও কাম কৰি থকাৰ লগতে চন্দ্ৰপৃষ্ঠত পৰিভ্ৰমণ কৰি আছে ৷

শেহতীয়াকৈ মহাকাশৰ পৰা প্ৰেৰণ কৰা উন্নত প্ৰযুক্তিসম্পন্ন চন্দ্ৰপৃষ্ঠৰ ছবিখনে ভাৰতীয় মহাকাশ গৱেষনা সংস্থাৰ সফলতাকে প্ৰমান কৰিছে ৷

Intro:Body:

চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিলে চন্দ্ৰযানে 

ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই প্ৰকাশ কৰিছে চন্দ্ৰপৃষ্ঠৰ "high spatial resolution" ছবি ৷ ভাৰতীয় মহাকাশ গৱেষনা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ৰ দ্বাৰা প্ৰেৰিত ছবিসমূহ প্ৰকাশ কৰে ৷ টুইটাৰযোগে ইছৰোৱে প্ৰকাশ কৰে চন্দ্ৰপৃষ্ঠৰ ছবি ৷ 

নিউজ ডেস্ক, 5 অক্টোবৰঃ মহাকাশলৈ প্ৰেৰণ কৰা ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই লাভ কৰিছে চন্দ্ৰপৃষ্ঠৰ ছবি ৷ মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন "high spatial resolution" ছবি ৷ 

চন্দ্ৰযানত সংযুক্ত "Orbiter High Resolution" কেমেৰাই সংগ্ৰহ কৰা ছবিখন ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে ৷ ইছৰোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, ছবিখন চন্দ্ৰপৃষ্ঠৰ 100 কিলোমিটাৰ উচ্চতাৰ পৰা তোলা হৈছে ৷ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ "Boguslawsky E Crater" অংশৰ 14 কিলোমিটাৰ আৰু 3 কিলোমিটাৰ অঞ্চলৰ ভিতৰত তোলা হৈছে ছবিখন ৷ 

ইছৰোৰ এই সফলতাক দেশবাসীৰ লগতে বিশ্ববাসীয়ে প্ৰশংসা কৰিছে ৷ নাছাৰ দৰে সংস্থাই ভাৰতৰ অতি কম খৰচী চন্দ্ৰযান দ্বিতীয় অভিযানক তেওঁলোকৰ বাবে সম্ভৱ নাছিল বুলি কিছুদিন পূৰ্বেই প্ৰকাশ কৰিছিল ৷ 

উল্লেখ্য যে, মহাকাশলৈ প্ৰেৰণ কৰাৰ পিচতে ইছৰোৰ সৈতে সংযোগ বিচ্ছিন্ন ঘটিছিল লেণ্ডাৰ বিক্ৰমৰ ৷ অৱশ্যে চন্দ্ৰযানৰ অৰবিটাৰে এতিয়াও কাম কৰি থকাৰ লগতে চন্দ্ৰপৃষ্ঠৰ পৰিভ্ৰমণ কৰি আছে ৷ 

শেহতীয়াকৈ মহাকাশৰ পৰা প্ৰেৰণ কৰা উন্নত প্ৰযুক্তিসম্পন্ন চন্দ্ৰপৃষ্ঠৰ ছবিখনে ভাৰতীয় মহাকাশ গৱেষনা সংস্থাৰ সফলতাকে প্ৰকাশ কৰিছে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.