ETV Bharat / bharat

কোভিড-19 পৰীক্ষণ : ভাৰতত উপস্থিত ইজৰাইলৰ স্বাস্থ্যকৰ্মীৰ দল

ভাৰত আৰু ইজৰাইলৰ মাজত সম্পাদিত কোভিড-19 পৰীক্ষণ প্ৰকল্পৰ বাবে ভাৰতত আহি উপস্থিত হৈছে ইজৰাইলৰ স্বাস্থ্য বিশেষজ্ঞৰ দলটো ৷ সোমবাৰে আহি ভাৰতত উপস্থিত হয় ইজৰাইলৰ স্বাস্থ্য বিশেষজ্ঞৰ দলটো ৷

author img

By

Published : Jul 27, 2020, 6:01 PM IST

কোভিড-19 পৰীক্ষণ : ভাৰতত উপস্থিত ইজৰাইলৰ স্বাস্থ্যকৰ্মীৰ দল
কোভিড-19 পৰীক্ষণ : ভাৰতত উপস্থিত ইজৰাইলৰ স্বাস্থ্যকৰ্মীৰ দল

নিউজ ডেস্ক, 27 জুলাই : ইজৰাইলৰ স্বাস্থ্য আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ এটা বিষয়াৰ দল আহি ভাৰতত উপস্থিত হয় ৷ দলটোৱে ভাৰত আৰু ইজৰাইলৰ মাজত সম্পন্ন হ'বলগীয়া চাৰিটা যুটীয়া কোভিড-19 আৰোগ্য সমাধানৰ প্ৰকল্পৰ বাবে এইদৰে ভাৰতত আহি উপস্থিত হয় সোমবাৰে ৷ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছৰ সৈতে দলটোৱে যুটীয়াভাৱে এই প্ৰকল্পত কাম কৰিব ৷

ভাৰতত উপস্থিত ইজৰাইলৰ স্বাস্থ্যকৰ্মীৰ দল

ইয়াৰ পূৰ্বেই ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টুইট কৰি দেশখনৰ স্বাস্থ্যবিভাগ আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ দলটো ইজৰাইলৰ পৰা ভাৰতলৈ বুলি উৰা মাৰিছে বুলি প্ৰকাশ কৰিছিল ৷ ভাৰতত দুয়োখন দেশৰ প্ৰতিনিধিয়ে কোভিড-19ৰ চিকিৎসাৰ বিষয়ে সমাধান উলিওৱাত একেলগে কাম কৰিব ৷

24 জুলাইত ভাৰতস্থিত ইজৰাইলৰ দূতাবাসে কৈছিল যে, টেল আভিভে কৰ'ণা ভাইৰাছৰ ৰেপিড টেষ্টিং কীট উন্নয়নৰ বাবে এটা বৈজ্ঞানিকৰ দল ভাৰতলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

  • Our delegation with the MFA and Ministry of Health took took off from Israel and is making its way to India!Once there, the delegation will test 4 promising corona diagnosis solutions together with our Indian partners and counterparts pic.twitter.com/ejKx3cZCeD

    — Ministry of Defense (@Israel_MOD) July 26, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে বিশেষ বিমানেৰে ভাৰতত আহি উপস্থিত হোৱা ইজৰাইলৰ দলটোৱে ভাৰতৰ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানৰ সৈতে একেলগে কাম কৰিব ৷ এই প্ৰকল্পত তেওঁলোকে এক মিনিটৰ ভিতৰত কোভিড-19ৰ পৰীক্ষাৰ ফলাফল প্ৰদান কৰিব পৰা সমাধানৰ ওপৰত কাম কৰিব ৷

লগতে পঢ়কঃ ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.