নেশ্যনেলডেস্ক,24 ডিচেম্বৰ: এছ চি ইষ্ট বেংগলৰ মুখ্য প্ৰশিক্ষক ৰবি ফ'লাৰে বুধবাৰে ক্লাৱৰ সদস্য সকলক উদ্দেশ্য কৰি অফিচিয়েল ইউটিউৱ চেনেল যোগে কয় যে, ISL-7 কেৱল ফিল্ডত খেলা 11জন খেলুৱৈৰ বাবে নহয় ৷ ই সকলোৰে বাবে গুৰুত্বপূৰ্ণ ৷ কিট মেন,ফটোগ্ৰাফাৰ,চ'চিয়েল মিডিয়াৰ সহায়ক,হোটেলৰ কৰ্মচাৰী,বাছ চালক আমি সকলোৱে এটা দলৰে অংশ ৷ আমি সকলোৱে ইয়াক উপভোগ কৰিব লাগে ৷
![ISL 7: It's not about XI, it's about team as whole, says Fowler](https://etvbharatimages.akamaized.net/etvbharat/prod-images/robbie-fowler-isl-east-bengal-1602255535_2412newsroom_1608778043_969.jpg)
দলটোৰ লগত জৰিত থকা অপৰিচিত সদস্যসকলকো এই ভিডিঅ' যোগে কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্য প্ৰশিক্ষক ৰবি ফ'লাৰে ৷ তেওঁ কয় যে,সন্মুখত থকা সকলতকৈ সদায়ে পিচফালে থকা লোক সকলে মুখ্য ভুমিকা পালন কৰে ৷
মুখ্য প্ৰশিক্ষক গৰাকীয়ে এই মন্তব্য কৰাৰ পাচতে ক্লাৱটোৰ তন্ময় নামৰ এজন ফটোগ্ৰফাৰে কয় যে, যেতিয়া ফ'লাৰে মোক এটা ফ্ৰী কিক কেমেৰাত আৱদ্ধ কৰিবলৈ কৈছিল তেতিয়াৰ পৰা মই মোৰ কাম লৈ অনুপ্ৰাণিত হৈছিলো ৷ মোক এই সুযোগ দিয়াৰ বাবে মই সদায় কৃতজ্ঞ হৈ ৰম ৷
ক্লাবৰ কিট মেনেজাৰ প্ৰনয় সুৰে কয় যে,"মোৰ মনত আছে যে মই প্ৰথমবাৰৰ বাবে গফাৰ আৰু টনি গ্ৰাণ্টক সাক্ষাৎ কৰিছিলো, তেওঁলোকে তেতিয়া বেলকনিত বহি আছিল আৰু মই তেওঁলোকৰ ওচৰলৈ গৈছিলো, মই বহুত বেছি নাৰ্ভাচ আছিলো ৷ কিন্তু প্ৰথম দুই-তিনি মিনিটতে তেওঁলোকে মোক ঘৰত থকা যেনেই অনুভৱ কৰাইছিল । আজি মই দুয়োৰে সৈতে এক ভাল সম্পৰ্ক বৰ্তাই ৰাখিছো ৷"
কেইদিনমান পূৰ্বে এক ৱেবচাইটত কৈছিল যে, বলৱান্ত সিং, গুৰতেজ সিং, ৰফিক আলী সৰদাৰৰ লগতে আন 9 জন খেলুৱৈক ক্লাৱৰ পৰা বাহিৰ কৰি দিয়া হৈছিল ৷ ডিফেন্ডাৰ গুৰতেজ সিং আৰু ৰফিক আলী সৰদাৰে ইতিমধ্যে কলকাতা ক্লাৱৰ লগত চুক্তিবদ্ধ হৈছে ৷ মঙলবাৰে নিশা আই-লীগৰ বাবে তেওঁলোকে কলকাতালৈ ৰাওনা হৈছে ৷
লগতে পঢ়ক: 18 টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব নীতিন গাডকাৰীয়ে