ETV Bharat / bharat

62 টা ষ্টেচনত পুনৰ ই-কেটাৰিং সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত IRCTCৰ

author img

By

Published : Jan 31, 2021, 9:39 PM IST

পুনৰ 62 টা ষ্টেচনত আৰম্ভ কৰা হ’ব ই-কেটাৰিং সেৱা ৷ সোমবাৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ভাৰতীয় ৰে’লৱে কেটাৰিং আৰু পৰ্যটন নিগম (IRCTC)য়ে ৷

IRCTC to resume e-catering services at 62 stations
পুনৰ 62 টা ষ্টেচনত ই-কেটাৰিং সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত IRCTCৰ

নেশ্যনেল ডেস্ক,31 জানুৱাৰী : ক’ভিড মহামাৰীৰ বাবে প্ৰায় এবছৰ ধৰি স্থগিত ৰখাৰ পাচত সোমবাৰৰ পৰা 62 টা ষ্টেচনত পুনৰ ই-কেটাৰিং সেৱা আৰম্ভ কৰা হ’ব ৷ এই কথা ঘোষণা কৰিছে ভাৰতীয় ৰে’লৱে কেটাৰিং আৰু পৰ্যটন নিগম (IRCTC)য়ে ৷

IRCTCৰ বিষয়ববীয়াই জনোৱা মতে, সোমবাৰৰ পৰা এই সেৱাৰ প্ৰথমটো পৰ্যায়ৰ পুনৰ আৰম্ভ কৰা হ’ব ৷ আনহাতে, দ্বিতীয় পৰ্যায়ৰ পুনঃআৰম্ভ তিনি সপ্তাহৰ পাচত কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, নতুন দিল্লী, ভূপাল, আহমেদাবাদ, হাওৰা, চুৰট, বিজয়ৱাড়া, পাটনা, উজ্জয়িনী, পানভেল মুখ্য ষ্টেচনবোৰৰ ভিতৰত আছে য’ত প্ৰাৰম্ভিকভাৱে ই-কেটাৰিং সেৱা পুনৰ আৰম্ভ কৰা হ’ব ।

পূৰ্বতে IRCTCয়ে নিশ্চিত দিয়ে যে, সকলো ই-কেটাৰিং অংশীদাৰসকলে যাত্ৰীসকলক আহাৰ পৰিৱেশন কৰোতে সঠিক স্বাস্থ্য আৰু পৰিচ্ছন্নতা প্ৰট’কল মানি চলিব ৷

লগতে পঢ়ক : কাশ্মীৰৰ এখন দোকানত উদ্ধাৰ মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.