ETV Bharat / bharat

লক্ ডাউনৰ সময়ত ৰে'লৰ টিকটৰ সুবিধা মাচুল সন্দৰ্ভত IRCTC ৰ স্পষ্টিকৰণ

author img

By

Published : Apr 13, 2020, 12:00 PM IST

ৰে'লৰ টিকেটৰ সুবিধা মাচুল অথবা Convenience Fees ৰ সন্দৰ্ভত স্পষ্টিকৰণ IRCTC ৰ । কৰ'ণা ভাইৰাছৰ মহামাৰীয়ে ৰাজহৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে । প্ৰত্যেক দিনাই IRCTC য়ে বহন কৰিবলগীয়া হৈছে ১২ লাখ টকা । সেইবাবে ১৫ টকাকৈ অ-শীততাপ নিয়ন্ত্ৰিত টিকটত আৰু ৩০ টকাকৈ শীততাপ নিয়ন্ত্ৰিত আৰু প্ৰথম শ্ৰেণী টিকটত গ্ৰহণ কৰা হৈছে ।

IRCTC gives clarification over convenience fees of train tickets during lockdown

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ কৰ'ণা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে দেশত চলি থকা লক্ ডাউনে ব্য়াপক প্ৰভাৱ পেলাইছে দেশৰ অৰ্থনীতিত । শেহতীয়াকৈ ৰে'লৰ টিকটত অত্যাধিক সুবিধা মাচুল গ্ৰহণৰ সন্দৰ্ভত স্পষ্টিকৰণ দিছে IRCTC য়ে । IRCTC য়ে কয়, প্ৰতিদিনেই ১২ লাখকৈ খৰচ বহন কৰিবলগীয়া হৈছে IRCTC য়ে । কৰ'ণা ভাইৰাছৰ মহামাৰীয়ে ৰাজহৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে বুলিও উল্লেখ কৰে । যাৰ বাবে IRCTC য়ে ১৫ টকাকৈ অ-শীততাপ নিয়ন্ত্ৰিত, ৩০ টকাকৈ শীততাপ নিয়ন্ত্ৰিত আৰু প্ৰথম শ্ৰেণী টিকটত গ্ৰহণ কৰিছে ।

উল্লেখ্য় যে, সংবাদ মাধ্যমত ভাৰতীয় ৰে'ল আৰু IRCTC য়ে প্ৰতিদিনেই সুবিধা মাচুলৰ বাবদ ২২ লাখ টকা অৰ্জন কৰি আহিছে বুলি প্ৰকাশ পোৱাৰ পাচতেই IRCTC ৰ ফালৰ পৰা এই প্ৰতিক্ৰিয়া তথা স্পষ্টিকৰণ দিয়া হয় ।

ভাৰতীয় ৰে'ল বিভাগে কৰ'ণা ভাইৰাছৰ মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৪ এপ্ৰিললৈ সকলো যাত্ৰীবাহি ৰে'লৰ চলাচলত নিষেধাজ্ঞা প্ৰদান কৰিছে ।

লগতে চাওক- ৮ ঘণ্টা অস্ত্ৰোপ্ৰচাৰৰ অন্তত সফলতা ! জোৰা দিয়া হৈছে আৰক্ষী উপ-পৰিদৰ্শকৰ কাটি দিয়া হাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.