নিউজ ডেস্ক, ৯ জুলাই : ভাৰতীয় তেল নিগম চমুকৈ IOC য়ে পাইপলাইন চুৰি ৰোধ কৰিবলৈ ড্ৰোণ কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এগৰাকী IPC ৰ প্ৰবক্তাই প্ৰকাশ কৰিছে এই তথ্য । লগতে উক্ত বিষয় সন্দৰ্ভত ইতিমধ্যে মন্ত্ৰালয়ে অনুমতি দিয়া বুলিও উল্লেখ কৰে । এই ড্ৰোণ কেমেৰা দিল্লী পানীপথ পাইপলাইনত প্ৰথমবাৰৰ বাবে সংযোগ কৰা হ'ব বুলি উল্লেখ কৰে ।
উল্লেখযোগ্য যে, বিগত মাহত সংস্থাটোৱে পাইপলাইনৰ জৰিয়তে তেল চুৰিকাৰ্য ৰোধ কৰিবলৈ ড্ৰোণ কেমেৰা সংযোগ কৰাৰ বাবে মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । লগতে, তামিলনাডু, হায়দৰাবাদ, হাৰিয়ানা অঞ্চলতো এই ড্ৰোণ ব্যৱহাৰৰ বাবে অনুমতি বিচাৰিছিল । আৰু এই ড্ৰোণ স্থাপনৰ যাৱতীয় খৰচ IOC ৰ আৱন্টিত ধনৰ পৰা কৰা হ'ব বুলিও উল্লেখ কৰিছে ।
উল্লেখযোগ্য যে, দিল্লী পানীপথ মথুৰাৰ পৰা জলন্ধৰলৈ ড্ৰোণ স্থাপন কৰাৰ পিচত পৰৱৰ্তী সময়ত অন্য ঠাইতো কৰা হ'ব বুলি জানিব দিয়ে ।
লগতে পঢ়ক : জাপানৰ বুলেট ট্ৰেইনৰ শেহতীয়া সংযোজন N700S