ETV Bharat / bharat

উন্নয়নৰ দ্ৰুততা আৰু আৰ্থিক সংকট নিয়ন্ত্ৰণৰ বাবে বিনিয়োগ - Investments to accelerate development and curb recession

বিখ্যাত অৰ্থনীতিবিদ ৰথীন ৰয়ৰ মতে, ভাৰতৰ অৰ্থনীতি ইতিমধ্যে এক বৃহৎ সংকটৰ দ্বাৰা জৰ্জৰিত । উচ্চ সামাজিক-অৰ্থনৈতিক অৱস্থাত থকা ১০ কোটি মানুহৰ ক্ৰয়ৰ প্ৰয়োজনীয়তাই দেশৰ অৰ্থনীতিক বৰ্তমানলৈকে প্ৰভাৱান্বিত কৰি আহিছে ।

উন্নয়নৰ দ্ৰুততা আৰু আৰ্থিক সংকট নিয়ন্ত্ৰণৰ বাবে বিনিয়োগ
author img

By

Published : Nov 22, 2019, 12:53 PM IST

উপভোগ আৰু বিনিয়োগ-এই দুটা দিশে অৰ্থনীতিৰ মন্দাৱস্থা নিৰ্ধাৰণ কৰে । ২০১২-১৪ত ৬৬.২ শতাংশত থকা ব্যক্তিগত ইকুইটি ২০১৫-১৯ ত ৫৭.৫ শতাংশলৈ হ্ৰাস পায় । বিনিয়োগৰ হাৰ ৩২.৩ শতাংশলৈ হ্ৰাস পোৱাৰ লগতে বিগত ছয় বছৰৰ ভিতৰত আটাইতকৈ বিকাশৰ হাৰ সৰ্বনিম্ন হৈ পৰে । এই সংখ্যাবোৰে সমাগত সংকটৰ আগজাননী দিয়ে । আৰ্থিক অসমতা, আন্তঃগাঁথনিৰ অভাৱ আৰু এক দুৰ্বল গ্ৰাম্য অৰ্থনীতি ইয়াৰ মূল কাৰণ । এনে কঠিন সময়ত অৰ্থনীতিক সবল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰিছে । আনকি বিনিয়োগকাৰীক উৎসাহিত কৰিবলৈ বিশেষ সুবিধাৰো ঘোষণা কৰিছে । তাৰ ভিতৰত ৩০ শতাংশৰ পৰা ২২ শতাংশলৈ কৰ্প’ৰেট কৰ হ্ৰাস আৰু নিৰ্মাণৰ বাবে ঋণ বৃদ্ধি উল্লেখনীয় । গৃহ নিৰ্মাণত ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানক ৩০,০০০ কোটি টকা প্ৰদানৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

বাজেট অধিৱেশনত ঘোষণা কৰা অনুসৰি প্ৰাথমিক আন্তঃগাঁথনি উদ্যোগত এক কোটি টকা বিনিয়োগ কৰা হ’ব । প্ৰতিটো প্ৰকল্পত বিনিয়োগ কৰিবলগীয়া ধনৰ পৰিমাণ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ দ্বাৰা গঠিত এক বিশেষজ্ঞ সমিতিয়ে নিৰ্ধাৰণ কৰিব । নিসন্দেহে তেনে পদক্ষেপে আন্তঃগাঁথনি উদ্যোগটো সবল কৰিব । ইয়াৰ ফলত লাভৰ অংশ বৃদ্ধি পোৱাৰ লগতে অৰ্থনীতিক শক্তিশালী কৰিব । লগতে তৰলতা বা লিকুইডিটিও বৃদ্ধি পাব । এক প্ৰশংসনীয় জিডিপি লাভ কৰিবলৈ হ’লে বা তাক অটুত ৰাখিবলৈ আঁচনিসমূহ কলম-কাগজতে সীমাবদ্ধ নাৰাখি সেয়া কাৰ্যকৰী কৰিব লাগিব ।

সামাজিক আৰু কাৰ্যকৰী আন্তঃগাঁথনি সৃষ্টিত এখন দেশৰ মানৱ সম্পদ আৰু আৰ্থিক উন্নয়ন ওতপ্ৰোতভাৱে জড়িত । যেনেদৰে ঘৰুৱা সামগ্ৰীৰ বাবে গুণগত মানসম্পন্ন আন্তঃগাঁথনি জৰুৰী একেদৰে মানৱ সম্পদ আৰু আৰ্থিক উন্নয়নৰ বাবে সামাজিক আন্তঃগাঁথনি বৰ গুৰুত্বপূৰ্ণ । গুণগত শিক্ষা আৰু স্বাস্থ্যকৰ জীৱন-যাপনে মানৱ সম্পদ উন্নয়নৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে । যদিও বহু অনুষ্ঠানে শিক্ষাখণ্ডত ন্যূনতম ৬ শতাংশ বিনিয়োগ কৰিবলৈ দাবী জনাই আহিছে এই হাৰ ৪.৬ শতাংশতে সীমাবদ্ধ হৈ আছে । এয়া আন্তঃৰাষ্ট্ৰীয় গড়তকৈ কম । ভাৰতে মুঠ জিডিপিৰ মাত্ৰ ১.৫ শতাংশ স্বাস্থ্যসেৱাত ব্যয় কৰাৰ বিপৰীতে আমেৰিকাই ১৮ শতাংশ ব্যয় কৰে । যাৰ ফলত ভাৰতৰ লোকসকলে শিক্ষা আৰু স্বাস্থ্যত অধিক ব্যয় কৰিবলৈ বাধ্য হয় । ১৯৯১ চনৰ আৰ্থিক সংস্কাৰৰ পাছত দেশত বিত্তীয় অসমতা বৃদ্ধি পাইছে । ১৯৯৩-৯৪ চনৰ পৰা দেশৰ গাঁও আৰু চহৰত আৰ্থিক অসমতা বৃদ্ধি পাবলৈ লয় । ২০১৭ চনৰ ধনিক এক শতাংশই মুঠ সম্পত্তিৰ ৭৩ শতাংশ অধিকাৰ কৰি আছিল । মুঠ জনসংখ্যাৰ ৬৭ শতাংশৰ উপাৰ্জনৰ ক্ষেত্ৰত মাত্ৰ এক শতাংশহে বৃদ্ধি পাইছে ।

২০১৮ চনৰ গ্ল’বেল কম্পিটিটিভনেছ ইনডেক্সৰ মতে.. ১৪০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৫৮ । ২৮ নং স্থানেৰে ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ ভিতৰত চীনৰ প্ৰদৰ্শন আটাইতকৈ উন্নত । প্ৰাথমিক আন্তঃগাঁথনি আৰু সুবিধাৰ ক্ষেত্ৰত ভাৰতে অতি কম ব্যয় কৰি আহিছে । ২০১৯ চনৰ মাৰ্চৰ ভিতৰত ভাৰতে মুঠ জি়ডিপিৰ মাত্ৰ ২৯.৮ শতাংশহে আন্তঃগাঁথনি সৃষ্টিত বিনিয়োগ কৰিছে যি হাৰ ১৫ বছৰীয়া গড়ৰ ভিতৰত সৰ্বনিম্ন । আন্তঃগাঁথনিৰ উন্নয়নে লো, চিমেণ্ট, ষ্টীল, ৰিয়েল ইষ্টেট, অটোম’বাইল আদি উদ্যোগৰ প্ৰত্যক্ষ বিকাশত সহায় কৰে । আন্তঃগাঁথনিৰ ক্ষেত্ৰত জিডিপিৰ ৩-৫ শতাংশ ঘাটি আছে । এই ঘাটি পূৰণ হ’লে আৰ্থিক উন্নয়ন দ্ৰুত হোৱাৰ সম্ভাৱনা আছে । তেতিয়া আন্তঃগাঁথনিত এক শতাংশ অধিক ব্যয়ৰ ফলত ২ শতাংশ জিডিপি বৃদ্ধিত সহায় কৰিব । গোলকীয় অৰ্থনীতিত ভাৰতৰ স্থান সন্তোষজনক নহয় । টেলিকম, ঘাইপথ, ৰে’লৱেৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে । চীনৰ তুলনাত জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰত পিছপৰি আছে । বিদ্যুৎ যোগান আৰু ইয়াৰ জনমূৰি ব্যৱহাৰ, ইণ্টাৰনেট সংযোগ, বিমান সেৱা বা বন্দৰৰ মানৰ ক্ষেত্ৰত আন উন্নয়নশীল দেশৰ তুলনাত ভাৰত যথেষ্ট আগবঢ়া । আই এল এণ্ড এফ এছ সংকটৰ পাছত উৎপাদনকাৰী উদ্যোগটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল । নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যনে উন্নয়নমূলক প্ৰকল্পসমূহক ঋণ প্ৰদান কৰা বন্ধ কৰি দিছিল । ক্ৰমবৰ্ধমান জনসংখ্যাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান উপলব্ধ আম্তঃগাঁথনিৰ উন্নয়নৰ লগতে নতুন ব্যৱস্থাৰো প্ৰৱৰ্তন কৰিব লাগিব । এই উদ্দেশ্যত উপনীত হ’বলৈ শক্তিশালী নিয়ন্ত্ৰণকাৰী ব্যৱস্থাও স্থাপন কৰিব লাগিব ।

সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে শিক্ষা আৰু স্বাস্থ্যসেৱাত ব্যয় বৃদ্ধি কৰিব লাগিব । প্ৰাথমিক সুবিধাৰ ক্ষেত্ৰত ব্যয় কৰা বিনিয়োগৰ ফলাফল লাভ কৰিবলৈ কিছু সময় লাগিব পাৰে । কিন্তু কেৱল নিৰ্দিষ্ট উপাৰ্জনৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ অৰ্থনীতি উন্নত কৰিব নোৱাৰি । চীনৰ তীব্ৰ প্ৰতিদ্বন্দ্বী হ’বলৈ ক্ষন্তেকীয়া ৰেহাই পেকেজৰ সলনি ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । দৰিদ্ৰ লোকসকলৰ জীৱন ধাৰণ উন্নত কৰিবলৈ উপায় নিৰ্ধাৰণ কৰিব লাগিব । এই উপায়সমূহ তেওঁলোকৰ দক্ষতা আৰু উপাৰ্জন বৃদ্ধিৰ উদ্দেশ্যে হ’ব লাগিব । স্বাধীনতা লাভৰ প্ৰথমছোৱাত উন্নয়নমূলক বেংকসমূহ বৰ্তমান বাণিজ্যিক বেংকলৈ ৰূপান্তৰিত হৈছে । বেংকসমূহৰ মূলধন আৰু ঋণৰ অসমতাৰ বাবে মূলতঃ দায়ী বেংকসমূহৰেই ঋণ প্ৰদান ব্যৱস্থা । যাৰ ফলত তেওঁলোকে ডাঙৰ উন্নয়নমূলক প্ৰকল্পক ঋণ প্ৰদানত আগ্ৰহী নহয় । সেয়ে চৰকাৰে উন্নয়নমূলক বেংকৰ সংখ্যা বৃদ্ধি কৰিব লাগিব । বৰ্তমানৰ আৰ্থিক পৰিস্থিতিত চৰকাৰৰ ব্যয়ে বহু কথা নিৰ্ধাৰণ কৰে । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফিচকেল ডেফিচিটে ইতিমধ্যে এফ আৰ বি এমে নিৰ্ধাৰণ কৰি দিয়া সীমা পাৰ কৰিছে । অন্তহীন চৰকাৰী ব্যয়ে ‘Inflamation’ ও ঘটাব পাৰে । বৰ্তমানৰ সংকট নিৰ্মূল নিৰ্ভৰ কৰিছে চৰকাৰৰ উপযুক্ত সিদ্ধান্তৰ ওপৰত ।

বিখ্যাত অৰ্থনীতিবিদ ৰথীন ৰয়ৰ মতে, ভাৰতৰ অৰ্থনীতি ইতিমধ্যে এক বৃহৎ সংকটৰ দ্বাৰা জৰ্জৰিত । উচ্চ সামাজিক-অৰ্থনৈতিক অৱস্থাত থকা ১০ কোটি মানুহৰ ক্ৰয়ৰ প্ৰয়োজনীয়তাই দেশৰ অৰ্থনীতিক বৰ্তমানলৈকে প্ৰভাৱান্বিত কৰি আহিছে । ইতিমধ্যে তেওঁলোকক প্ৰয়োজন হোৱা সামগ্ৰী আৰু সেৱাসমূহ লৈ লৈছে । ভাৰতৰ দৰে উন্নয়নশীল দেশৰ অৰ্থনীতিৰ বাবে এয়া ক্ষতিকাৰক । সম্পদৰ বিতৰণৰ অসমতা অৰ্থনীতিৰ ডাঙৰ নেতিবাচক দিশ । এই অসমতা বৃদ্ধি যিমানেই পাব সিমানেই আৰ্থিককভাৱে নিম্ন পৰ্যায়ৰ লোকসকলে উচ্চ পৰ্যায়লৈ উপনীত হোৱাৰ সময় বৃদ্ধি পাব । বিকাশৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে চৰকাৰে বিত্তীয় আৰু মানৱ সম্পদ গোটাব লাগিব । আৰ্থিক অসমতা বৃদ্ধি পালে মানৱ সম্পদৰ সংকটে দেখা দিব । ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাই তাৰ উদাহৰণ । এই দুখন ৰাষ্ট্ৰই দীৰ্ঘদিন ধৰি তেওঁলোকৰ অৰ্থনীতি আগুৱাই লৈ যাবলৈ সক্ষম হ’লেও জনগণৰ বৃহৎ অংশৰে বিশেষ একো পৰিৱৰ্তন হোৱা নাই । ভাৰতৰ ক্ষেত্ৰতো অনুৰূপ পৰিস্থিতিৰেই পুনৰাবৃত্তি ঘটিছে ।

আৰু পঢ়ক : জ্যেষ্ঠসকলৰ ভুলৰ বাবেই এটা প্ৰজন্মৰ জীৱন কাঢ়িব পাৰে

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.