নেশ্যনেল ডেস্ক, 5 এপ্ৰিল : আন্তৰাষ্ট্ৰীয় ন্যায়বিদ পৰিষদৰ (International Council of Jurists) সভাপতি আৰু সৰ্ব ভাৰতীয় বাৰ এচছিয়েচনৰ অধ্যক্ষ ড0 আদিশ আগৰৱালে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগক (UNHRC) এক পত্ৰ প্ৰেৰণ কৰি চীনক বিশ্বৰ মানৱজাতিৰ বিৰুদ্ধে গভীৰ অপৰাধ সংঘটিত কৰাৰ অভিযোগ কৰে ৷
UNHRC এ চীনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ লগতে বিশ্বজুৰি প্ৰাণ কাঢ়ি নিয়া জৈৱ হাথিয়াৰ প্ৰস্তুত কৰাৰ বাবে আন্তৰাষ্ট্ৰীয় পৰিষদৰ ওচৰত ক্ষতিপূৰণ দিবলৈও আহ্বান জনায় ৷
আগৰৱালে কয় যে, কোভিড-19 সংক্ৰমণ চীন চৰকাৰৰ এক ষড়যন্ত্ৰ ৷ ইয়াৰ জৰিয়তে নিজকে ছুপাৰ পাৱাৰ হিচাপে প্ৰমাণিত কৰাৰ লগতে দেশসমূহক ৰোগাক্ৰান্ত কৰাৰ চেষ্টা কৰিছে চীনে ৷
চীনে ৰাষ্ট্ৰসংঘৰ বহু ঘোষণাপত্ৰ আৰু নিৰ্দেশাৱালী ভংগ কৰাৰ লগতে বহু মিলিয়ন লোকৰ জীৱনলৈ সংকট কঢ়িয়াই আনিছে আৰু ব্যৱসায়খণ্ডক ভয়ংকৰভাৱে প্ৰভাৱান্বিত কৰিছে ৷
ইয়াৰোপৰি, Universal Declaration of Human Rights ৰ অনুচ্ছেদ 25(1), সামাজিক আৰু সাংস্কৃতিক অধিকাৰ আৰু আন্তৰাষ্ট্ৰীয় স্বাস্থ্য নিৰ্দেশাৱলী ভংগ কৰাৰ অপৰাধত আগৰৱালাই চীনক দোষী সাব্যস্ত কৰে ৷
আগৰৱালাই কয়, "চীনা লোকক এই ভাইৰাছ সম্পৰ্কত ৰাজহুৱাভাৱে মন্তব্য কৰিবলৈ চীন চৰকাৰে বাধা আৰোপ কৰাৰ লগতে প্ৰশাসনৰ দায়িত্বহীনতাৰ বাবে এই ভাইৰাছ অতি কম সময়ৰ ভিতৰতে বিভিন্ন দেশত বিয়পি পৰে ৷ বৰ্তমানলৈকে কোভিড-19 ত 8,77,584 লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 50,000 ৰো অধিক লোক আৰু বিশ্বৰ প্ৰায় সকলো দেশকে ই প্ৰভাৱান্বিত কৰিছে ৷"
তেওঁ লগতে এই প্ৰশ্নও উত্থাপন কৰে যে, এই ভাইৰাছ বেইজিং, ছাংঘাই আৰু অন্য গুৰুত্বপূৰ্ণ চহৰসমূহত কিয় নিবিয়পিল আৰু য়ুহান বিমান কৰ্তৃপক্ষই বিশ্বৰ বিভিন্ন স্থানলৈ বিমান পৰিৱহণ কৰিবৰ বাবে কিয় সন্মতি প্ৰদান কৰিছিল ৷
"প্ৰায় সকলো দেশতে আতংকময় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সময়তে চীনৰ গুৰুত্বপূৰ্ণ ব্যৱসায় আৰু উদ্যোগসমূহ কিদৰে বিনা বাধাৰে চলি আছে আৰু উৎপাদনক্ষম হৈ আছে ৷"
বিশ্ব অৰ্থনীতি নিজৰ দখলত আনিবৰ বাবে চীনে এই ভাইৰাছ বিয়পালে বুলি মন্তব্য কৰে আগৰৱালাই ৷