ETV Bharat / bharat

অমিত শ্বাহৰ স্বাস্থ্যৰ ওপৰত কৰা অমানৱীয় মন্তব্য অত্যন্ত নিন্দনীয় : জে পি নড্ডা - অমিত শ্বাহৰ স্বাস্থ্য

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জয়প্ৰকাশ নড্ডাই দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যৰ ওপৰত কৰা মন্তব্য গৰিহণাৰ যোগ্য বুলি কয় ।

অমিত শ্বাহ
অমিত শ্বাহ
author img

By

Published : May 9, 2020, 11:29 PM IST

নিউজ ডেস্ক, ৯ মে' : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্য় সন্দৰ্ভত কৰা অমানৱীয় মন্তব্য তথা উৰাবাতৰি গৰিহণাৰ যোগ্য । দেশৰ গৃহমন্ত্ৰীৰ স্বাস্থ্য়ক লৈ এইদৰে উৰাবাতৰিৰ আশ্ৰয় লোৱাটো অত্যন্ত নিন্দাজনক বুলি কয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ।

নড্ডাই কয় যে, “কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যৰ ওপৰত কৰা অমানৱীয় মন্তব্য নিন্দাজনক । এগৰাকী ব্যক্তিৰ স্বাস্থ্যক লৈ এইদৰে উৰাবাতৰিৰ আশ্ৰয় লোৱাটোৱে মানুহৰ মনৰ অৱস্থাটোক প্ৰতিফলিত কৰে । মই এইধৰণৰ কাৰ্যকলাপৰ নিন্দা কৰাৰ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো এইসকল লোকক সুমতি প্ৰদান কৰিব” । টুইট কৰি এইদৰে প্ৰকাশ কৰে নড্ডাই । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ স্বাস্থ্য সন্দৰ্ভত স্পষ্টীকৰণ দি কৰা এটা টুইটৰ পিচতে নড্ডাই এইদৰে টুইট কৰে ।

  • गृहमंत्री @AmitShah जी के स्वास्थ्य के बारे में अमानवीय टिप्पणी करना अत्यंत निंदनीय है। किसी के स्वास्थ्य के बारे में इस तरह की भ्रामक बातें फैलाना, उन लोगों की मनोस्थिति को दर्शाता है। मैं इसकी कड़ी भर्त्सना करता हूँ और ईश्वर से प्रार्थना करता हूँ कि ऐसे लोगों को सदबुद्धि दे।

    — Jagat Prakash Nadda (@JPNadda) May 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে নড্ডাৰ লগতে আন বহুকেইগৰাকী বিজেপি নেতাই এই কাৰ্যক নিন্দা কৰাৰ লগতেে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ছচিয়েল মিডিয়াত এইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যক লৈ ভুৱা তথা উৰাবাতৰি প্ৰচাৰ কৰাক লৈ সোচ্চাৰ হৈ পৰে এইসকল বিজেপি নেতা । বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়ভাৰ্গিয়াই এই কাৰ্যক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি উল্লেখ কৰে । আনহাতে মুখপাত্ৰ শ্বাহনৱাজ হুছেইনে এই কাৰ্য দেশৰ শত্ৰুই সম্পন্ন কৰিছে বুলি মন্তব্য কৰে । জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেড়কাৰ, ৰবি শংকৰ প্ৰসাদেও এই কাৰ্যক নিন্দা কৰে ।

লগতে পঢ়কঃ মই ঠিকেই আছো, কোনো বেমাৰত ভোগা নাই : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.