বিজনেছ ডেস্ক, 24 এপ্ৰিল : COVID-19 মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনতিক অৱস্থা সংকটৰ গৰাহত ৷ অৰ্থনীতিবিদ তথা দেশসমূহৰ নেতৃবিন্দই বিশ্বজোৰা স্বাস্থ্য সংকটৰ সময়তো অৰ্থনীতি উদ্ধাৰৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা আগবঢাইছে ৷ উৎপাদন খণ্ড আৰু ৰাজ্যিক বিত্তীয় ব্যৱস্থা গভীৰভাৱে প্ৰভাৱান্বিত হৈছে এই মহামাৰীৰ ফলত ৷
এই সময়ছোৱাত প্ৰাক্তন ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ দুভুৰী চুব্বাৰাওয়ে ইনাডুৰ সৈতে সাক্ষাৎকাৰৰ জৰিয়তে ভাৰতীয় অৰ্থনীতিত COVID-19 ৰ প্ৰভাৱ, COVID-19 ৰ পাচত ভাৰতীয় চৰকাৰে সন্মুখীন হ'বলগা প্ৰত্যাহ্বান, প্ৰব্ৰজনকাৰী শ্ৰমিক আদি বিষয়ত মন্তব্য আগবঢ়ায় ৷
উল্লেখ্য যে, 2008 চনৰ বিশ্বজোৰা অৰ্থনৈতিক সংকটৰ সময়ত ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল চুব্বাৰাওয়ে ৷ তেওঁৰ কাৰ্যকালত ভাৰতীয় বিত্তীয় ব্যৱস্থাক সুৰক্ষিত কৰিবৰ বাবে তেওঁ বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷
বিশ্বজোৰা অৰ্থনীতি আৰু ভাৰতীয় অৰ্থনীতিত COVID-19 ৰ প্ৰভাৱ কেনেকুৱা ?
আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে (The International Monetary Fund) সতৰ্কিত কৰি দিছে যে, কৰ'ণা ভাইৰাছ বিশ্বৰ অৰ্থনীতিৰ বাবে এক গুৰুতৰ ভাবুকি ৷ 2008 চনৰ অৰ্থনৈতিক সংকটতকৈও বৰ্তমানৰ পৰিস্থিতি আৰু ভয়াৱহ ৷
COVID-19 সংকট অৰ্থনীতিৰ বাবে এক বহিৰাগত ভাবুকি ৷ পূৰ্বে চাহিদা অনুযায়ী যোগান বৃদ্ধি কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ সুদৰ ক্ষেত্ৰত ৰেহাই প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও লকডাউনৰ ফলত বাধাৰ সৃষ্টি হৈছে ৷
COVID-19 ৰ পূৰ্বেও ভাৰতৰ অৰ্থনীতিৰ অৱস্থা শোচনীয় আছিল ৷ 2019-20 ৰ তিনি চতুৰ্থাংশ ভাগত GDP বৃদ্ধিৰ হাৰ 5 শতাংশৰ তললৈ নামিছিল ৷ চতুৰ্থ ভাগত এই অৱস্থা নিকৃষ্টতম হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াতকৈ আৰু কিমান বেছি বেয়া হ'ব ?
IMF য়ে বিত্তীয় বৰ্ষ 2019-20 ৰ বাবে বৃদ্ধিৰ হাৰ 4.2 শতাংশ হ'ব বুলি অনুমান কৰিছে ৷ কিন্তু, 2020-21 বিত্তীয় বৰ্ষত এই হাৰ 1.9 শতাংশলৈ হ্ৰাস পাব ৷ উন্নয়নমূলক দেশসমূহৰ সৈতে তুলনা কৰিলে এই বৃদ্ধিৰ হাৰ ভাৰতৰ বাবে বেয়া নহয় ৷ কিন্তু, এয়া আনন্দ কৰাৰ বস্তু নহয় ৷ ভাৰতত দাৰিদ্ৰতা বহু বেছি ৷ সেয়েহে, প্ৰভাৱ বেছি হব ৷
Non-Performing Assets (NPA) আৰু ধাৰে আমাৰ অৰ্থনীতি দূৰ্বল কৰি তুলিছে ৷ আমি এতিয়া এনে এক সংকটৰ মাজত আছো য'ত আমি ধাৰ লবলৈও সক্ষম নহয় ৷ আমি মনত ৰখা উচিত যে, COVID-19 য়ে ভৌতিক আন্তঃগাঁথনিক নষ্ট কৰা নাই ৷ ভূমিকম্প অথবা বানপানীৰ সময়ত ধংস হোৱা সম্পদসমূহ পুনৰ নিৰ্মান কৰিবৰ বাবে আমাক বহু অৰ্থৰ প্ৰয়োজন হয় ৷ কৰ'ণাৰ ক্ষেত্ৰত কিন্তু ই কিছু পৃথক ৷ ৰোগৰ পৰিমাণ হ্ৰাস পালে অৰ্থনীতিও পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে ৷
বহু দেশে ৰাজকোষীয় পেকেজ ঘোষণা কৰিছে ৷ ভাৰতেও এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই পেকেজসমূহে দেশৰ অৰ্থনীতিক কেনেদৰে উপকৃত কৰিব ?
প্ৰায় 83 শতাংশ ভাৰতীয় কৰ্ম বল অসংগঠিত ক্ষেত্ৰত নিয়োজিত আছে ৷ বৰ্তমানৰ লকডাউনে তেওঁলোকৰ জীৱিকালৈ সংকট নমাই আনিছে ৷ চৰকাৰৰ দায়িত্ব হ'ল তেওঁলোকক সমৰ্থন আগবঢ়োৱা ৷ যোৱা মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে GDP ৰ 0.8 সাহাৰ্য পেকেজৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু অন্য দেশে ঘোষণা কৰা সাহাৰ্য পেকেজৰ তুলনাত ই তেনেই নগন্য ৷
আমি এইটোও বুজিব লাগিব যে, চৰকাৰৰ হাতত যথেষ্ট অৰ্থ নাই ৷ ৰাজকোষীয় ঘাটি বহু বেছি ৷ কৰ ৰাজহ লকডাউনৰ ফলত তললৈ নামিছে ৷ COVID-19 ৰ পূৰ্বে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰাজকোষীয় ঘাটি GDP ৰ 6.5 শতাংশ আছিল যদিও এয়া বৃদ্ধি পাই বৰ্তমান 10 শতাংশ হ'লগৈ ৷ সাহাৰ্য প্ৰদান কৰিবৰ বাবে আৰু ধন ধাৰ কৰিলে অতিৰিক্ত বোজা লোৱা হ'ব ৷
প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সমস্যা কেনেদৰে সমাধান হ'ব ?
দেশৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ অংশ হৈছে প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ৷ এই শ্ৰমিকসকলৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব ৷ তেওঁলোকক স্বাস্থ্যকৰ আশ্ৰয়স্থল আৰু স্বাস্থ্য সেৱা প্ৰদান কৰা উচিত ৷