ETV Bharat / bharat

ইণ্ডো-ইউ এছ বাণিজ্য আৰু অৰ্থনীতি : ট্ৰাম্প নাইবা বাইডেন, ভাৰতৰ হিতৰ বাবে কোন অধিক উপযুক্ত হ’ব ?

এই খণ্ডৰ #BattlegroundUSA2020 ত জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই ভাৰতবৰ্ষই সন্মুখীন হোৱা বাণিজ্যিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানবোৰৰ বিষয়ে তথা ট্ৰাম্প আৰু বিডেন দুয়োজনৰ ভিতৰত ভাৰতীয় দৃষ্টিকোণৰ ফালৰ পৰা কোনজন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে অনুকূল হ’ব সেই বিষয়ে আলোচনা কৰিছে ৷

IndoUS Trade & Economy
IndoUS Trade & Economy
author img

By

Published : Sep 6, 2020, 4:09 AM IST

সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত ৰণনৈতিক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী অংশীদাৰিত্ব থকাৰ উপৰিও ১৪২ বিলিয়ন ডলাৰ মূল্যৰ এক নিকপকপীয়া বাণিজ্যিক সম্বন্ধ আছে ৷ কিন্তু, দীৰ্ঘ সময় জুৰি প্ৰৱজন আৰু প্ৰস্তাৱিত এক বাণিজ্যিক চুক্তিক লৈ বৰ্তমানলৈকে চলি থকা এক বিবাদ, এক সীমিত বাণিজ্যিক চুক্তিও বহুদিন ধৰি সম্পন্ন হ’বগৈ পৰা নাই তথা যিসমূহ চুক্তি ২০২০ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়তো আনকি সম্পন্ন নহ’ল ৷ যি নহওক, অলপতে ইউ এছ আই এছ এফৰ (ইউ এছ ইণ্ডিয়া পাৰ্টনাৰ্শ্বিপ ফ’ৰাম) দ্বাৰা অনুষ্ঠিত এক সন্মিলনত ভাগলৈ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ঘোষণা কৰে যে নৱেম্বৰত হ’ব লগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগে আগে এক সীমিত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ৷

সীমিত বাণিজ্যিক চুক্তিৰ সম্ভাৱনাৰ বিষয়ে সোধাত ৱাশ্বিংটন ডি ছিৰ হাডছন ইনষ্টিটিউটত ইণ্ডিয়া ইনিছিয়েটিৱৰ সচিৱ ড° অপৰ্ণা পাণ্ডেয়ে কয় যে ইয়াৰ কোনো সম্ভাৱনাই নাই ৷ “অনাগত মাহকেইটাত সৰুৱেই হওক নাইবা ডাঙৰেই হওক কোনো বাণিজ্য চুক্তি যে স্বাক্ষৰিত হ’ব; মই একেবাৰেই নিশ্চিত নহয় ৷ খুব সম্ভৱত আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতবৰ্ষক জি এছ পি (জেনেৰেলাইজড ছিষ্টেম অৱ প্ৰিফাৰেঞ্চেছ) প্লাছ মৰ্যদা ঘূৰাই দিব পাৰে ৷ এই বিশেষাধিকাৰসমূহ প্ৰত্যাহাৰ কৰা হৈছিল ৷ সেয়া চাগৈ ৬ৰ পৰা ৮ বিলিয়ন আমেৰিকান ড’লাৰ হ’ব ৷ ই এনেকুৱা এক কাৰ্যকৰী নিৰ্দেশ যাক প্ৰত্যাহাৰ কৰা হৈছিল ৷ ৰাষ্ট্ৰপতিয়ে অনাগত দুই তিনি মাহৰ ভিতৰত ইয়াক সম্পাদন কৰিব পাৰে ৷ আৰু ইয়েই এক সীমিত চুক্তি যেন পতিত হ’ব পাৰে ৷” “ফ্ৰম চানক্য টু মোদী এণ্ড মেকিং ইণ্ডিয়া গ্ৰেইট”ৰ লেখক ড° পাণ্ডেয়ে এনেদৰে কয় ৷

“এক বৃহৎ বাণিজ্যিক চুক্তিৰ স্বাক্ষৰিত কৰাৰ সমস্যাটো হ’ল; আমি এনেকুৱা এক সময়ত বাস কৰি আছোঁ; যি সময়ত ভাৰত আৰু আমেৰিকা দুয়োখন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয়তাবাদী আৰু সংৰক্ষণবাদীতাত বিশ্বাস কৰে ৷ আপুনি যাক শুল্কৰ ৰজা বুলি অভিহিত কৰে আৰু যাৰ বিৰুদ্ধে আপোনাৰ কৃষি সাহাৰ্যৰ পৰা আৰম্ভ কৰি বৌদ্ধিক সম্পদৰ অধিকাৰ তথা অন্য শুল্কসমূহলৈকে অনেক সমস্যাই আছে তেনে এখন ৰাষ্ট্ৰৰ সৈতে আমেৰিকা ফাৰ্ষ্ট পলিছিক বিশেষাধিকাৰ প্ৰদান কৰা কাৰ্যক শাৰীবদ্ধ কৰাটো অতি কঠিন কাম ৷ সেয়ে অহা দুমাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে এই কাম কৰাটো কঠিন হ’ব ৷ বাইডেনৰেই হওক নাইবা ট্ৰাম্পৰেই হওক, পৰৱৰ্তী প্ৰশাসন খনতো যে ই হ’ব সেই কথা মই নাজানো ৷ ই ভাৰতৰ পক্ষতো একে ধৰণেই কঠিন হ’ব ৷ ভাৰতীয় অৰ্থনীতিৰ ক্ষতি হৈছিল ৷ ভাৰতৰ বাবে নিজৰ কৃষক আৰু উৎপাদনকাৰীসকলক সুৰক্ষা প্ৰদান কৰিবৰ বাবে কিছুমান শুল্ক গুৰুত্বপূৰ্ণ ৷” তেওঁ পুনৰ এইদৰে বৰ্ণনা কৰে ৷ ফ্ৰাঞ্চত নিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত তথা বাণিজ্য আলোচক মোহন কুমাৰেও একে ধৰণৰ সন্দেহ ব্যক্তি কৰি কয় যে ২০২১ চনৰ প্ৰথম তিনি মাহৰ আগে আগে এক বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা তেনেই সীমিত ৷ তেওঁ ভাৰতৰ বৃহত্তৰ স্বাৰ্থৰ লগত জড়িত আন কিছুমান জটিল সমস্যাৰ বিষয়েও উল্লেখ কৰে ৷

“বৰ্তমান আমেৰিকাই চীনৰ সৈতে আমাৰ ওপৰত এক গুৰত্বপূৰ্ণ সমস্যাটো জাপি দিছে আৰু কৈছে যে দুয়োখন ৰাষ্ট্ৰৰে উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈ থকাৰ অধিকাৰ নাই ৷ মোৰ দৰে এজন প্ৰাক্তন আলোচকৰ বাবে ই এক আশ্চৰ্যর্পূণ যুক্তি ৷ আপুনি আপেলক কমলাৰ সৈতে তুলনা কৰিছে ৷ প্ৰত্যেকেই জ্ঞাত যে চীন হ’ল এখন ১৩ ট্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থা আনহাতে আমি হ’লো ২.৭ ট্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থা ৷ পৰৱৰ্তী প্ৰশাসনখন যাৰেই নহওক, এইটোৱেই হ’ল সেই বিষয়টো যাৰ বিষয়ে ক’বলৈ আমি প্ৰশাসনখনক প্ৰভাৱিত কৰিব লাগিব ৷” জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন বিভাগৰ ডীন তথা আৰ আই এছৰ থিংক টেংক মোহন কুমাৰে এইদৰে কয় ৷

“মোৰ বাবে কেৱল মৎস্য পালনৰ ওপৰত হ’ব লগীয়া বহুপক্ষীয় বাৰ্তালাপৰ হেতু আমাক উন্নয়নশীল দেশৰ যি মৰ্যদা তাক ঘূৰাই পাব লাগে ৷ যদি আমেৰিকাই কয় যে আমি তোমালোকৰ সৈতে চীন তথা আন কোনো ৰাষ্ট্ৰক কৰাৰ দৰে আচৰণ কৰিম; তেনেহ’লে আমি বিশ্ব বাণিজ্য সন্থাত আলোচনতা বহিবলৈ সমৰ্থ হ’ব নোৱাৰিম ৷ বাকী সকলোবোৰ আমি সমাধান কৰিব পাৰিম ৷ কিন্তু ই অতি কঠিন; কিয়নো এই বিষয়টোত মই লাইটহাইজাৰৰ (আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক প্ৰতিনিধি) ওপৰত মুঠেও ভৰষা কৰিব নোৱাৰোঁ ৷” জি এছ পিৰ সহিতে আন ডিজিটেল সেৱা কৰৰ জটিলতাৰ বিষয়ে ইংগিত দি কুমাৰে কয় ৷

“ফ্ৰাঞ্চে আৰোপ কৰা ডিজিটেল সেৱা কৰৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰই এনে এক স্থিতি লৈ লৈছে যাৰ জৰিয়তে তেওঁলোকেও শাস্তিমূলক শুল্ক আৰোপ কৰিবলৈ চেষ্টা কৰি আছে ৷ আমি ইতিমধ্যে সেইটো কৰিলোঁ ৷ আমি তাক সমতুল্য কৰ নে তেনে ধৰণৰেই কিবা এটা বুলি কওঁ ৷ আমি আমেৰিকাক এইটো ক’বলৈ যতপৰোনাস্তি চেষ্টা চলাই আছোঁ যে এই কাৰ্য ব্যৱস্থা গুগ্‌ল বা এমাজনক লক্ষ্য কৰি লোৱা হোৱা নাই ৷” তেওঁ কয় ৷

বাৰ্তালাপটিত এই বিষয়েও আলোচনা কৰা হৈছিল যে জ’ বাইডেনৰ প্ৰশাসনে, বিনিময়ত বিশ্বাসী ট্ৰাম্প প্ৰশাসনখনৰ তুলনাত ভাৰতৰ সৈতে শক্তি, বাণিজ্য তথা প্ৰৱজ্জনৰ প্ৰাথমিকতাৰ ওপৰত অধিক সহযোগিতা আগবঢ়াব নে ? নৱেম্বৰৰ পৰৱৰ্তী কালত যদি হোৱাইট হাউচৰ ন প্ৰশাসনৰ নীতিৰ বাবে আমেৰিকা আৰু চীনৰ মাজত বাণিজ্যিক দূৰত্ব দ্ৰুত গতিত বাঢ়িবলৈ ধৰে তেনেহ’লে ই ভাৰতৰ পক্ষে লোকচানদায়ক নাইবা সুবিধাজনকো হ’ব পাৰে ৷ যদিহে ৰাষ্ট্ৰপতি ট্ৰাম্প পুনৰ ক্ষমতালৈ আহে তেনেহ’লে তেওঁ শেষৰ চাৰি বছৰৰ বাবে ক্ষমতা অধিস্থিত হ’বলৈ সুযোগ পাব ৷ তেনেহ’লে তেওঁ দুটা নীতিৰ যিকোনো এটাহে গ্ৰহণ কৰিব ৷ খুব সম্ভৱত এটা নীতি ৷ তেওঁ সেইটোৱেই কৰিব যিটোৰ বিষয়ে তেওঁ আশী দশক বা নব্বৈ দশকৰ পৰাই ভয় কৰি আছিল ৷ প্ৰৱজ্জন তেওঁৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় ৷ এতিয়ালৈকে তেওঁ যি কৰি আছে সেইয়া অধিকাংশই হৈছে কাৰ্যকৰী নিৰ্দেশ; কিয়নো আমেৰিকাত কাৰ্যবাহী সকলৰ পৰিৱৰ্তে কংগ্ৰেছেহে প্ৰৱজ্জনৰ সংস্কাৰ বাস্তৱায়িত কৰিব পাৰে ৷ এইছ ওৱান বিয়ে হওক বা এল ওৱানেই হওক নাইবা গ্ৰীণ কাৰ্ড বা ষ্টুডেন্ট ভিছাই হওক; ট্ৰাম্পে প্ৰৱজ্জনক বাধা দিবলৈ আৰু অধিক নীতি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব পাৰে ৷ আৰু ই ভাৰতক প্ৰভাৱিত কৰিবই ৷ কেৱল ভাৰতীয়সকল ইয়ালৈ অধ্যয়নৰ কৰিবলৈ আহে বাবেই নহয় বৰঞ্চ ‘ৰেমিটেঞ্চ’ৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব ৷ লগতে সেই সম্পৰ্কতো প্ৰভাৱ পৰিব যি সম্পৰ্ক আমি বছৰৰ পিচত বছৰ ধৰি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছোঁ ৷” ড° পাণ্ডেয়ে এইদৰে যুক্তি দৰ্শায় ৷

তেওঁ জোৰ দি কয় যে অৱশেষত দিল্লী আৰু ডি ছিয়ে এক ৰাজনৈতিক অৱস্থিতি ল’ব লাগিব, যে কি কাৰণত অৰ্থনৈতিক দিশটো ৰণনৈতিক দিশৰ তুলনাত ইমান পিচ পৰি আছে ৷ মোহন কুমাৰে বিশ্বাস কৰে যে উচ্চ দক্ষতাসম্পন্ন কৌশলী প্ৰৱজ্জনকাৰীসকলে বাইডেন প্ৰশাসনৰ সহমৰ্মিতা পাবলৈ সক্ষম হ’ব ৷ কিন্তু তাতো লাভ বা লোকচান থাকিব ৷

“যদি বাইডেনৰ প্ৰশাসন ক্ষমতালৈ আহে তেনেহ’লে আমি ভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব ৷ এনে এটা আশাও থাকিব পাৰে যে ডব্লিউ টি অ’ পুনৰুজ্জীৱিত হৈ উঠিব ৷ হয়তো ৰাষ্ট্ৰসমূহৰ এটা গোট নাইবা দ্বিপাক্ষিক ৰূপতেই হওক,আৰু তেতিয়াই আমি এক ধৰণৰ জটবন্ধন গঠন কৰিম ৷ আমি তেওঁলোকৰ আগত প্ৰস্তাৱ ৰাখিম যে আমি আপোনালকৰ সৈতে বহিম, আমি ব্যৱসায় কৰিম; কিন্তু এইবোৰ নকৰোঁ ৷ “স্পেছিয়েল ডিফাৰেন্ট ট্ৰীটমেন্ট” তথা জি এছ পি প্ৰত্যাহাৰ নকৰিব ৷ কিন্তু তাতো অন্য সমস্যা আছে ৷ উদাহৰ্ণস্বৰূপে মই যেতিয়া শ্ৰম মানদণ্ড বা পৰিৱেশ মানদণ্ডলৈ লক্ষ্য কৰোঁ ই তেতিয়া আৰু কঠিন হৈ পৰা যেন পৰিলক্ষিত হয় আৰু এই সমূহক তেওঁ ডব্লিউ টি অ’ত অন্তৰ্ভুক্ত কৰিবই ৷ ডেম’ক্ৰেট সকল পাৰম্পৰাগতভাৱে পৰিৱেশ আৰু শ্ৰমৰ মানদণ্ডক নিৰূপণ কৰাৰ ক্ষেত্ৰত বাণিজ্যক অভিযুক্ত কৰি আহিছে ৷” প্ৰাক্তন কূটনীতিবিদ গৰাকীয়ে এইদৰে কয় ৷

লগতে পঢ়ক : বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা নাই কোনো তান্ত্ৰিকঃ স্পষ্ট কৰিলে অইল ইণ্ডিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.