নিউজ ডেস্ক, ৯ জুনঃ মধ্যপ্ৰদেশৰ ইণ্ডোৰত কোভিড-১৯ ত আক্ৰান্ত হৈ এজন ৫৭ বছৰীয়া চিকিৎসকৰ মৃত্যু। মংগলবাৰে হাস্পতালত মৃত্যু হয় অজয় যোশী নামৰ চিকিৎসকজনৰ।
মধ্যপ্ৰদেশৰ ইনডেক্স মেডিকেল কলেজত কৰ্মৰত আছিল চিকিৎসক অজয় যোশী। কোভিড-১৯ পজিটিভ পোৱাৰ পাছতে বিগত ১৬ দিনে চৈতৰাম হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল চিকিৎসকজন।
ইনডেক্স মেডিকেল কলেজৰ চিকিৎসক দিপ্তী সিঙে প্ৰকাশ কৰা অনুসৰি তেখেতে হাস্পতালখনৰ সকলো স্বাস্থ্যকৰ্মীকে কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস দিছিল। তেখেতৰ মৃত্যুত হাস্পতালখনত কৰ্মৰত প্ৰতিজন লোকে শোক প্ৰকাশ কৰিছে ।
উল্লেখ্য যে,ইণ্ডোৰত বৰ্তমানলৈকে ৩,৮৩০ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে ১,১০৫ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য় লাভ কৰিছে ২,৫৫৬ গৰাকী ৰোগী। আনহাতে, এই মহামাৰীৰ ফলত জিলাখনত মৃত্যু হৈছে ১৫৯ গৰাকী ব্যক্তিৰ।
লগতে চাওকঃ লামডিঙত দুচকীয়া বাহনৰ শ্ব'ৰুমৰ স্বত্বাধিকাৰীৰ গ্ৰাহকক লুণ্ঠন