নিউজ ডেস্ক, 26 আগষ্ট: বিগত দশক সমূহত অযোধ্যা ৰাজনৈতিক বিষয়সমূহৰ কেন্দ্ৰ হৈ আছিল ৷ ৰাজনৈতিক দলসমূহে মন্দিৰ আৰু মছজিদৰ প্ৰসংগক ৰাজনৈতিক বিষয় বনাই উত্তপ্ত কৰি ৰাখিলে ৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ আদেশৰ পাছত এই প্ৰসংগৰ সমাধান হ'ল ৷ মন্দিৰ নিৰ্মাণৰ লগতে মছজিদ নিৰ্মাণৰ বাবেও উচ্চতম ন্যায়ালয়ে পাঁচ একড় ভূমি IICF অৰ্থাৎ ইণ্ডো-ইছলামিক সাংস্কৃতিক ফাউণ্ডেচনক প্ৰদান কৰে ৷ যাক লৈ IICF ট্ৰাষ্টে নিজৰ আধিকাৰিক ল'গ মুকলি কৰিছে ৷ ট্ৰাষ্টে ইতিমধ্যে মছজিদ নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷
অযোধ্যাৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত ধন্নীপুৰ গাঁৱত লাভ কৰা ভূমিত ট্ৰাষ্টৰ বিষয়াসকল উপস্থিত হৈ ঠাইডোখৰৰ বুজ লয় ৷ পাঁচ একৰ ভূমিত নিৰ্মাণ হ‘বলগীয়া এই মছজিদৰ সৈতে কমিউনিটি কিটচেন, হাস্পতাল, গৱেষণা কেন্দ্ৰৰ দৰে জনসুবিধাৰে জড়িত সেৱাৰো ব্যৱস্থা কৰা হ‘ব ৷
মছজিদ নিৰ্মাণৰ পূৰ্বে জাৰি কৰা ট্ৰাষ্টৰ ল'গ ইণ্ডো ইছলামিক সংস্কৃতিক সামৰি লোৱা হৈছে ৷ এই ল'গত হুমায়ুৰ মকবৰেত ব্যৱহৃত আৰ্কিটাক্চাৰৰ প্ৰতিকী ৰূপ দিয়া দেখা পোৱা গৈছে ৷ ইয়াক কৰ পৰা লোৱা হৈছে আৰু ইয়াৰ কি মহত্ব আছে এই প্ৰশ্ন সম্পৰ্কে আমি ফাউণ্ডেশ্বনৰ প্ৰবক্তা অতহৰ হুছেনৰ সৈতে কথা পাতোতে তেখেতে কি ক'লে জানিবলৈ চাওঁক ...
লগতে পঢ়ক: সুশান্তৰ মৃত্যুৰ ঘটনা: DRDOৰ অতিথিশালাত সিদ্ধাৰ্থ পিথানীক জেৰা CBIৰ