মুম্বাই, 7 জানুৱাৰী: সোমবাৰে এক অঘটনৰ পৰা ৰক্ষা পৰিল বেংগালুৰু-মুম্বাই অভিমুখি এখন ইণ্ডি গ’ বিমান ৷ A320 (6E-6449) বিমানখনত আকাশ মাৰ্গতেই হঠাৎ সাৱধান বায়ু সংকেট ধ্বনী বাজি উঠাৰ পাচতেই জৰুৰীকালিন অৱস্থা ঘোষণা কৰি ততাতৈয়াকৈ অৱতৰণ কৰা হয় বিমানখন ৷
এই ঘটনাত কোনো লোক হতাহত হোৱা নাই অথবা কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ বৰ্তমান বিমানখনৰ সকলো দিশ চালি জাৰি তন্ন-তন্ন কৈ পৰীক্ষা কৰিছে বিমান সমূহৰ চোৱা-চিতা কৰা এটা প্ৰতিনিধিৰ দলে ৷ এই ঘটনা সন্দৰ্ভত ইণ্ডিগ’ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে, বিমানখনত এইয়া কোনো ইঞ্জীনজনীত সমস্যা নাছিল (NEO engine) ৷